গুৱাহাটী,১৮ নৱেম্বৰ :শিশুৰ অধিকাৰ ৰক্ষা আৰু জনসাধাৰণৰ বাবে আইনী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ জিলা আইন সেৱা প্ৰাধিকৰণে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সহযোগত শনিবাৰে সংস্থাৰ বোন্দাত থকা 'স্কুল ৱাপচী' কেন্দ্ৰত 'শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫' সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে ।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ডাঃ মজুমদাৰে শিশুৰ সৈতে জড়িত আইনী বিষয়সমূহ অতি সংবেদনশীলতা আৰু যত্নসহকাৰে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আইনী সেৱাসমূহ সহজলভ্য আৰু শিশু অনুকূল কৰি তোলাৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে লোৱা পদক্ষেপসমূহৰ তেওঁ শলাগ লয় । চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে তেওঁ শিশুৰ অধিকাৰ সুনিশ্চিত কৰা তথা সুৰক্ষিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ।