গুৱাহাটী, ১২ ফেব্রুৱাৰী : ভৰলু নদীক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য আগত লৈ জন্মলাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান ছেভ ভৰলু অভিযানৰ উদ্যোগত দেওবাৰে ভৰলুৰ উৎপত্তি স্থান জোনালীত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় (save Bharalu aims to revive Bharlu River) । ছেভ ভৰলুৰ আহ্বানমৰ্মে মুমূর্ষু ভৰলুক বচোৱাৰ আৰ্জিৰ প্ৰতি সঁহাৰি জনাই দেওবাৰৰ সজাগতা কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে (Save Bharalu awareness programme in guwahati) ।
উক্ত অভিযানৰ গুৰুত্ব বুজি আনকি ৮০-৯০ ঊৰ্ধ্বৰ লোকেও ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে ওলাই আহে । এই উপলক্ষে ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে আঁত ধৰা সজাগতা অনুষ্ঠানত ছেভ ভৰলুৰ উপ-সভাপতি ডাঃ সীমাৰেখা দেৱী, সক্রিয় সদস্য সত্যব্ৰত শৰ্মা, নৱপ্ৰসাদ শৰ্মা, ধ্ৰুবজ্যোতি শইকীয়া, অখিল গোস্বামী সমন্বিতে বহুজনে বক্তব্য আগবঢ়ায় (Save Bharalu demand revive Bharalu river) । আনহাতে, সজাগতা সভাত ভৰলু নৈৰ পাৰৰ লোকসকলে ভৰলু পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত বাহিনী নৈৰ গতি সলনি কৰি বশিষ্ঠলৈ বোৱাই নিনিবলৈও একমুখে দাবী জনায় ।
উল্লেখ্য, ৮০-৯০ বছৰৰো ঊৰ্ধ্বৰ সমাজ সচেতন ব্যক্তি, চিকিৎসক, অভিযন্তা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, লেখক, সাংবাদিকে ভৰলু পুনৰুদ্ধাৰৰ বাবে বশিষ্ঠ চাৰিআলিৰ কাষৰ কালীমন্দিৰৰ শ্লুইচ গে'ট উঠাই বাহিনীক বোৱাই নিয়াৰ ব্যবস্থা কৰিবলৈ দাবী জনায় (Save Bharalu mission to pollution free Bharalu river) । সভাত ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে কয় যে, ভৰলুৰ পাৰৰ লোককলে যদি স্বতঃস্ফূৰ্তভাৱে প্ৰহৰীৰ ভূমিকা গ্রহণ নকৰে তেতিয়াহ'লে ভৰলু পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয় ।