অসম

assam

ETV Bharat / state

ডকমকাৰ ভিন্ন স্থানত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান - ডকমকাৰ ভিন্ন স্থানত সজাগতামূলক অনুষ্ঠান

শেহতীয়াকৈ ডকমকাত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে, শনিবাৰৰ পৰা এলেকাটোত সহযোগ অসম শীৰ্ষক এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে অন্ধবিশ্বাস বিৰোধী সজাগতা সভা ৷

ডকমকা
ডকমকা

By

Published : Oct 11, 2020, 9:55 PM IST

ডিফু, 11 অক্টোবৰ: নীল-অভি কাণ্ডৰ শিহৰণ নাৰ নৌযাওতেই যোৱা 30 ছেপ্তেম্বৰত ডাইনীৰ সন্দেহত একাংশ উন্মত্ত লোকে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ৰহিমাপুৰত এগৰাকী মহিলা আৰু এজন লোকক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল ৷ যি ঘটনাই পুনৰ বাৰলৈ কলংকিত কৰিছিল ডকমকাৰ নামক ৷ ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে শনিবাৰৰ পৰা এলেকাটোত সহযোগ অসম শীৰ্ষক এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে এলানি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

ডকমকাৰ ভিন্ন স্থানত সজাগতামূলক অনুষ্ঠান

স্থানীয় কেইবাগৰাকীও বিশিষ্ট লোকৰ সহযোগত সংস্থাটোৱে সজাগতা অনুষ্ঠানটো অনুষ্ঠিত কৰে ৷ ডকমকা থানাৰ স্থায়ী সভাপতি নির্মল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সহযোগ অসমৰ অধ্যক্ষ পূৰবী বৰুৱা আৰু কার্যকৰী সদস্য ইনু শৰ্মাই গাঁওবাসীক উদ্দেশ্যি অন্ধবিশ্বাসমুক্ত সমাজ গঢ়িবলৈ আহ্বান জনায় ৷ অন্ধ বিশ্বাসৰ বিভিন্ন কাৰক সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে, বৈজ্ঞানিক মানসিকতাৰে নিজকে গঢ় দিয়াৰ বাবেও সকলোকে অনুৰোধ জনায় সংস্থাটোৰ কৰ্মকৰ্তা সকলে ৷ দেওবাৰে সংস্থাটোৰ উদ্যোগত ডকমকাৰ পাণজুৰি গাঁৱতো অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰে ৷

সহযোগ অসম শীৰ্ষক বেচৰকাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সজাগতামূলক সভা

লগতে পঢ়ক:গাঁওবুঢ়াই স্বীকাৰ কৰিলে ডকমকাৰ গণহত্যাৰ কথা

ABOUT THE AUTHOR

...view details