গুৱাহাটী, 2 ডিচেম্বৰ :বুধবাৰে মহানগৰীৰ নিউ গুৱাহাটী ৰে'লৱে ইনষ্টিটিউটত, এন এফ ৰে'লৱে মজদুৰ ইউনিয়ন আৰু নিউ গুৱাহাটী লোক আৰু ট্রেফিক শাখাৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় । সভাত ৰে'ল বিভাগৰ লোক আৰু ট্ৰেফিক বিভাগে ল'বলগীয়া বিভিন্ন সুৰক্ষা সম্পৰ্কত আলোকপাত কৰা হয় ৷ লগতে, ৰে'ল বিভাগৰ যি কোনো ধৰণৰ দুৰ্ঘটনা প্ৰতিহত কৰি যাত্ৰী তথা বন্য প্ৰাণীৰ সুৰক্ষাৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ।
গুৱাহাটীত ৰে'ল বিভাগৰ সজাগতা সভাৰ আয়োজন - দুৰ্ঘটনা
গুৱাহাটীত ৰে'ল বিভাগৰ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটী ৰে'লৱে ইনষ্টিটিউটত, এন এফ ৰে'লৱে মজদুৰ ইউনিয়ন আৰু নিউ গুৱাহাটী লোক আৰু ট্রেফিক শাখাৰ উদ্যোগত সজাগতা সভাখন অনুষ্ঠিত কৰা হয় ৷
গুৱাহাটীত ৰে'ল বিভাগৰ সজাগতা সভাৰ আয়োজন
সভাত অল ইণ্ডিয়া ৰে'লৱে মেনছ ফেডাৰেচনৰ সহকাৰী সাধাৰণ সম্পাদক বেণু পি নায়াৰ, এন এফ ৰে'লৱেৰ যুটীয়া সম্পাদক পীয়ুষ চক্ৰৱৰ্তী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, আশীষ বিশ্বাসকে ধৰি মজদুৰ ইউনিয়নৰ লামডিং, কাতিহাৰ সংমণ্ডলৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক :পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ