বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫সংখ্যক জন্ম জয়ন্তী - prabhat_sharma
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদান কৰা হয় সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা
গুৱাহাটী, ৭ জুলাইঃ দেওবাৰে উদযাপন কৰা হয় অসমৰ বিস্ময়কৰ লোকবাদ্য সুৰ সমলয় 'দেৱগান্ধাৰৰ' স্ৰষ্টা, বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫সংখ্যক জন্ম জয়ন্তী । মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিত্ৰাচলৰ আৰু সৰগম সংগীত বিদ্যালয়ৰ উদ্যোগত পালন কৰা হয় বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱস । দেববাদ্য খোলবাদক গীৰেণ কলিতালৈ আগবঢ়োৱা হয় এই বৰ্ষৰ সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা । বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱসত এই বঁটা লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে শিল্পী গীৰেণ কলিতা । ইফালে সৰগম সংগীত বিদ্যালয়ে 'প্ৰভাত শৰ্মাৰ লোক সংগীত'ৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ বিভিন্ন সৃষ্টিৰাজিৰ বিশেষ জনোৱা হ'ব এই কৰ্মশালাৰ জৰিয়তে ।