অসম

assam

By

Published : Mar 21, 2021, 12:28 PM IST

ETV Bharat / state

ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা

অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে বিশিষ্ট চলচিত্ৰ পৰিচালক কৃপাল কলিতাক 'বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা' আৰু বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈক 'শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা' ২০২১ প্ৰদান কৰে ।

ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা
ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা

গুৱাহাটী, ২০ মাৰ্চ:বিশিষ্ট চলচিত্ৰ পৰিচালক কৃপাল কলিতালৈ 'বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা' আৰু বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈলৈ 'শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা' ২০২১ প্ৰদান কৰা হয় । অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে প্ৰদান কৰা এই সন্মানজনক বঁটা আগবঢ়ায় অইল ইণ্ডিয়া লিমিটেড পাইপলাইনৰ মুখ্য মহা প্ৰবন্ধক সন্দ্বীপ গোস্বামী আৰু প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামীয়ে ।

মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানটোত অভিনেতা, আবৃত্তিকাৰ তপন দাসে অংশ গ্ৰহণ কৰে আৰু দুয়োগৰাকী প্ৰয়াত শিল্পীৰ সান্নিধ্য স্মৰণ কৰে । বঁটা গ্ৰহণ কৰি চলচিত্ৰ পৰিচালক কৃপাল কলিতাই এই সন্মানে তেওঁক অধিক উৎসাহ যোগাব বুলি উল্লেখ কৰে ।

ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা

সাংস্কৃতিক কৰ্মী নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামী । বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী দুয়োজনেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ভোটাতৰা আছিল বুলি মন্তব্য কৰে অভিনেত্ৰী মলয়া গোস্বামীয়ে ।

অভিনেত্ৰী মলয়া গোস্বামীৰ পৰা বঁটা গ্ৰহণ কৰি নাট পৰিচালক ৰবিজিতা গগৈয়ে কয় যে এই সন্মান পোৱাৰ পিছত তেওঁ যথেষ্ট আনন্দিত আৰু এই বঁটাৰ পিছত তেওঁৰ দায়িত্ব আৰু বাঢ়িল বুলি উল্লেখ কৰে ।

এই বঁটা দুটাত আছে মানপাত্ৰ,স্মাৰক আৰু নগদ ৫০ হাজাৰকৈ টকা । উল্লেখযোগ্য যে সূৰ্য ক্লাৱে প্ৰদান কৰা এই সন্মান পূৰ্বতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুচেইন, কথাছবি পৰিচালক ৰীমা দাস, প্ৰয়াত নাট্য কৰ্মী শুক্ৰাচাৰ্য ৰাভা, সপুনজ্যোতি ঠাকুৰ, সাংবাদিক উৎপল বৰপূজাৰী, অনুৰাগ শইকীয়া আদিয়ে লাভ কৰিছে |

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত গোলাঘাটৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী অজন্তা নেওগ

For All Latest Updates

ABOUT THE AUTHOR

...view details