গুৱাহাটী, 5 মে':লক্ ডাউনৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ বহিঃৰাজ্যত থকা অসমৰ লোক সকল ঢাপলি মেলিছে নিজ ৰাজ্যলৈ । অসমৰ পৰা গৈ বহিঃৰাজ্যত বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ছিকিউৰিটী গাৰ্ড সকলেও উভতনি যাত্ৰা কৰিছে অসমলৈ । কিন্তু এনে সময়তে এতিয়া বহুতৰে মাজত প্ৰশ্ন হৈছে, ছিকিউৰিটী গাৰ্ড হিচাপে বহিঃৰাজ্যত কৰ্মৰত অসমৰ এই লোকসকলে অসমত কৰ্ম সংস্থাপন পাবনে? এই প্ৰশ্নৰ উত্তৰ দিলে অমেগা ছিকিউৰিটি চাৰ্ভিছৰ স্বত্বাধিকাৰী বিদ্যুৎ কলিতাই । তেওঁ প্ৰকাশ কৰা অনুসৰি, অসমত অভাৱ নাই চিকিউৰিটী গাৰ্ডৰ চাকৰিৰ । এই চাকৰিৰ তুলনাত অসমত অভাৱ মাথো পৰ্যাপ্ত মানৱ সম্পদৰ ।
ছিকিউৰিটী গাৰ্ড সকলৰ বাবে অসমত অভাৱ নাই চাকৰিৰ - বিদ্যুৎ কলিতা
লক্ ডাউনৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অসমলৈ উভটিছে বহিঃৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ছিকিউৰিটী গাৰ্ড সকল । যিসকলৰ বাবে বৰ্তমান অসমক কৰ্ম সংস্থাপনৰ অভাৱ নাই বুলি উল্লেখ কৰিছে অমেগা ছিকিউৰিটি চাৰ্ভিছৰ স্বত্বাধিকাৰী বিদ্যুৎ কলিতাই ।

এতিয়া কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে অসমলৈ ঘূৰি অহা ছিকিউৰিটী গাৰ্ডসকল বহিঃৰাজ্যলৈ যাব নালাগে বুলিও উল্লেখ কৰে, অমেগা ছিকিউৰিটী চাৰ্ভিছৰ স্বত্বাধিকাৰী গৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয় যে, অসমত ছিকিউৰিটী গাৰ্ড হিচাপে নিয়োজিত লোকসকলে অন্য ৰাজ্যৰ সমপৰ্যায়ৰ মাননি লাভ কৰে যদিও, নিজ ৰাজ্যত থাকি ছিকিউৰিটী গাৰ্ডৰ চাকৰি কৰিবলৈ বহু লোকে হীনমান্যতাত ভোগে আৰু বহিঃৰাজ্যলৈ ঢাপলি মেলে । উল্লেখ্য যে, অসমত বিভিন্ন প্ৰতিষ্ঠানত ছিকিউৰিটী গাৰ্ড নিয়োজিত কৰা ২০০-৩০০ পঞ্জীয়নভূক্ত প্ৰতিষ্ঠান আছে । এই প্ৰতিষ্ঠান সমূহ দীৰ্ঘদীন ধৰি মানৱ সম্পদৰ নাটনিৰ সন্মুখীন হৈ আহিছে ।
লগতে পঢ়কঃবৰ্তমানলৈকে দেশত COVID-19 ৰ বক্ৰ ৰেখাডাল সমান : লাভ আগৰৱাল