গুৱাহাটী, 13 ছেপ্টেম্বৰ : গৰুখুঁটি প্ৰকল্পলৈ ৰাজ্য চৰকাৰে মুঠ ১৫,৮৭,৯৩,৩৪৮ কোটি টকা মোকলাই দিছে ৷ দুবছৰত কি কি উৎপাদন কৰিলে গৰুখুঁটি প্ৰকল্পই ? উৎপাদিত সামগ্ৰী দেশৰ বাহিৰলৈ কৰিছেনে ৰপ্তানি ? এই সন্দৰ্ভত কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বুধবাৰে এক লিখিত প্ৰশ্ন উত্থাপন কৰে ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰা লোকক উচ্ছেদ অভিযান চলায় স্থাপন কৰা গৰুখুঁটি প্ৰকল্পক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ গৰুখুঁটি কৃষি প্ৰকল্প আৰু পদ পথৰ ব্যৱসায়ী সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই সোধা প্ৰশ্নৰ উত্তৰত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই বিধানসভাত সদৰি কৰা মতে, গৰুখুঁটি প্রকল্প পৰিচালনা ২০২১ চনৰ পৰা ২১ জুলাই ২০২২ তাৰিখলৈ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা কৰা হৈছিল ৷ আৰু তাৰ পিছত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তমর্মে এখন স্থায়ী সমিতিয়ে পৰিচালনা কৰিবলৈ লয় এই প্ৰকল্প ৷ বিত্তীয়বর্ষ ২০২১-২২ ত অসম চৰকাৰে প্ৰকল্পলৈ সৰ্বমুঠ ৯,৫২,৯৩,৩৪৮.০০ টকা মোকলাই দিয়ে ৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ৬,৩৫,০০,০০০.০০ টকা মোকলাই দিয়ে চৰকাৰে ৷
গতিকে আজিৰ তাৰিখলৈ সৰ্বমুঠ ১৫,৮৭,৯৩,৩৪৮ টকা প্ৰকল্পলৈ মোকলাই দিয়া হৈছে আৰু ৫,৯১,,৭০,৩০৭ টকা জমা আছে ৷ মন্ত্ৰী অতুল বৰাই বিধানসভাত সদৰি কৰা মতে APART ৰ জৰিয়তে কৃষি অভিযান্ত্রিক শাখাই ২০২১-২২ চনত গৰুখুঁটিত এটা কৃষি সম্প্ৰসাৰণ বিষয়াৰ কাৰ্যালয় স্থাপন কৰিছে ৷ ইয়াৰ অনুমোদিত ধনৰ পৰিমাণ আছিল ৪১,০৫,১১০.০০ টকা আৰু কাৰ্যালয়টো স্থাপনৰ খৰছৰ পৰিমাণ ৩৯,৪২,৭০১.০০ টকা ৷