গুৱাহাটী, 22 ডিচেম্বৰ: বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা (Sahitya Akademi Award 2022 Assamese)৷ ‘ভুল সত্য’ গ্ৰন্থৰ বাবে গোস্বামীয়ে লাভ কৰে এই সন্মান ৷
আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড৹ জুৰি দত্তলৈ আগবঢ়োৱা হৈছে 2022 বৰ্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা ৷ 'কচাৰেথিঃ আৰায়া নাৰী'(Kocharethi-The Araya Woman) গ্ৰন্থৰ বাবে ড৹ জুৰিলৈ আগবঢ়োৱা হৈছে এই বঁটা (Sahitya Akademi to Author Dr Juri Dutta)৷
অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাদেমী বঁটা ঘোষণাই অসমীয়া সাহিত্য জগতলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই অনাৰ লগতে তেঁওৰ গল্পৰ গুণমুগ্ধসকলক উৎফুল্লিত কৰি তুলিছে(Sahitya Akademi to Manoj Kumar Goswami)৷ ১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে প্ৰসিদ্ধ লেখক । যোৱা কেইবাটাও দশক তেঁও কলমৰ যাদুৰে পাঠকক মুগ্ধ কৰি আহিছে ৷ তেখেতৰ পিতৃৰ নাম কমলচন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম লখিমী গোস্বামী ।
নগাঁও মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেঁও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । কিছুদিন শিক্ষকতা কৰাৰ পাছত বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত কাকত ‘নতুন দৈনিক’ৰ জৰিয়তে তেঁও ১৯৮৬ চনত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে । পৰৱৰ্তী সময়ত তেঁও আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতসমূহত সাংবাদিকতাৰ লগতে সম্পাদক আৰু কাৰ্যবাহী সম্পাদকৰূপে জড়িত হৈ পৰে ।