অসম

assam

ETV Bharat / state

Atulananda Goswami Passes Away: নৱগ্ৰহত অনন্তকাললৈ শুই পৰিল নামঘৰীয়াৰ স্ৰষ্টা - Prominent writer Atulananda Goswami passes away at GMCH

‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ ৷ GMCHৰ পৰা বিশিষ্ট সাহিত্যিগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ হাতীগড়স্থিত বাসগৃহলৈ লৈ যোৱা হয় (Prominent writer Atulananda Goswami passes away at GMCH)। নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ।

Atulananda Goswami Passes Away
নৱগ্ৰহত অনন্তকাললৈ শুই পৰিল নামঘৰীয়াৰ স্ৰষ্টা

By

Published : Jul 27, 2022, 5:42 PM IST

গুৱাহাটী,২৭ জুলাই :বিশিষ্ট সাহিত্যিক তথা নামঘৰীয়াৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ পুৱতি নিশা প্ৰায় ৪.৪০ মান বজাত GMCHত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৮৭ বছৰ বয়সত মৃত্যু হয় (Prominent writer Atulananda Goswami passes away at GMCH)। GMCHৰ পৰা তেওঁৰ নশ্বৰ দেহ মহানগৰীৰ হাতীগড়স্থিত বাসগৃহলৈ লৈ যোৱা হয় । তাৰ পিছতে নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ।

১৯৩৫ চনত যোৰহাট জিলাৰ ৰংদৈৰ ককিলা আধাৰ সত্ৰত জন্ম গ্ৰহণ কৰা অতুলানন্দ গোস্বামীৰ পিতৃ আছিল অসম চৰকাৰৰ ৰেচম আৰু বয়ন বিভাগৰ বিষয়া নৰেন্দ্ৰনাথ গোস্বামী আৰু মাতৃ কামদা দেৱী (Prominent writer Atulananda Goswami passes away) । ১৯৫২ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা তেওঁ প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় । যোৰহাট জগন্নাথ বৰুৱা কলেজৰ পৰা ১৯৫৬ চনত বি.এছ.চি পৰীক্ষাত তেওঁ উত্তীর্ণ হয় ।

স্নাতকোত্তৰ শিক্ষা লাভ নকৰিলেও ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমান্বয়ে অসমীয়া আৰু ইংৰাজী এই দুয়োটা বিষয়ত ব্যক্তিগতভাৱে স্নাতক ডিগ্রী লাভ কৰে । তেওঁ ১৯৬১ চনত অসম চৰকাৰৰ বিক্ৰী কৰ বিভাগৰ চাকৰিত যোগদান । কৰ বিভাগৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি ১৯৯১ চনত সহকাৰী কৰ আয়ুক্ত হিচাপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । 'হামদৈ পুলৰ জোন' আছিল তেওঁৰ প্ৰথমখন গল্পপুথি ।

নৱগ্ৰহত অনন্তকাললৈ শুই পৰিল নামঘৰীয়াৰ স্ৰষ্টা

অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামীদেৱৰ ‘হামদৈ পুলৰ জোন’, ‘চেনেহ জৰীৰ গাঁথি’, ‘ৰাজপাট’, ‘পলাতক’, ‘আশ্রয়' আদি অপূৰ্ব সৃষ্টি । 'চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে গোস্বামীদেৱে । ২০১৩ চনত তেওঁ লাভ কৰে ‘অসম উপত্যকা সাহিত্য বঁটা’ ।

‘নামঘৰীয়া’ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, কুমাৰ কিশোৰ সোঁৱৰণী বঁটা, ‘বলিয়া হাতী’ৰ বাবে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰিছিল গোস্বামীয়ে । তেওঁ ৰচনা কৰা 'নামঘৰীয়া' নামৰ উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিকৰূপে প্ৰচাৰ কৰিছিল । অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ তেওঁ বহু গ্ৰন্থ ভাঙনি কৰিছিল ।

গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে, তেওঁৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি । অসম সাহিত্য সভাৰ তৰফৰ পৰা তেওঁৰ সৃষ্টিৰাজিসমূহ ডিজিটাইজ কৰাৰ বাবে কথা বতৰা পাতিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Atulananda Goswami Passes Away: বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

For All Latest Updates

ABOUT THE AUTHOR

...view details