গুৱাহাটী, 13 এপ্ৰিল : নিৰ্বাচনক কেন্দ্ৰ কৰি আমবাৰীৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক ধন্যবাদ জনালে অগপৰ সভাপতিকে ধৰিকে প্ৰতিজন শীৰ্ষ নেতাই ৷ এই উপলক্ষে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সভাপতি অতুল বৰাই ৷ তদুপৰি সংবাদমেল উপস্থিত প্ৰতিজন সাংবাদিকক একোখনকৈ গামোচা পিন্ধাই অগপৰ নেতৃত্বই সম্বৰ্ধনা জ্ঞাপন কৰে ৷
সংবাদমেলত অগপৰ সভাপতি অতুল বৰাক নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী হোৱা দেখা যায় ৷ তেওঁ কয়, মিত্ৰজোঁটৰ প্ৰতি অসমৰ ৰাইজে যথেষ্ট সহাঁৰি জনালে ৷ তাৰ বাবে অতুল বৰাই সকলোকে ধন্যবাদ জনায় ৷