অসম

assam

কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

By

Published : Jul 20, 2020, 12:47 PM IST

দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । সোমবাৰে পুৱা মন্ত্ৰীগৰাকীৰ স্বাৱ পৰীক্ষাৰ ফলাফলত ধৰা পৰে এই কথা ৷

Atul bora tested covid 19 positive guwahati assam etv bharat news
কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

গুৱাহাটী,20 জুলাই: দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । সম্প্ৰতি বিধায়কগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হৈছে । সমান্তৰালভাৱে বৰাৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, কৰ’ণা ভাইৰাছত‌ আক্ৰান্ত হোৱা বৰা হৈছে অসমৰ পঞ্চমগৰাকী বিধায়ক । ইয়াৰ পূৰ্বে বিধায়ক কৃষ্ণেন্দু পাল, নাৰায়ণ ডেকা, বলীন চেতিয়া আৰু নৱনীতা সন্দিকৈৰ শৰীৰত ধৰা পৰিছিল ভাইৰাছবিধৰ উপস্থিতি । মন কৰিবলগীয়া যে,এতিয়ালৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা পাঁচোগৰাকী বিধায়কে হৈছে বিজেপি দলৰ ।

লগতে চাওকঃআগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা

ABOUT THE AUTHOR

...view details