অসম

assam

ETV Bharat / state

ৰাসায়নিক সাৰ বিতৰণত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৃষিমন্ত্ৰীৰ

মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এক সংবাদমেল (Pressmeet) সম্বোধন কৰি ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora) ৷ সাৰ বিতৰণত হোৱা অনিয়ম ৰোধৰ বাবে বিভাগে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷

atul bora pressmeet
অতুল বৰাৰ সংবাদমেল

By

Published : Jul 27, 2021, 10:21 PM IST

গুৱাহাটী, 27 জুলাই :ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা খোদ স্বীকাৰ কৰিছে ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora) ৷ মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেল (Pressmeet)ত মন্ত্ৰী অতুল বৰাই কয় যে, সাৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধৰ বাবে বিভাগে কেতবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে । সংবাদমেলত তেওঁ কয় যে, ৰাসায়নিক সাৰ চাহিদাৰ তুলনাত কেন্দ্ৰৰ পৰা কমকৈ পোৱা যায় । আনহাতে অধিক দামত সাৰ বিক্ৰী কৰা হয় ।

সাৰ বিতৰণত পূৰ্বৰে পৰা হৈ থকা অনিয়মৰ ক্ষেত্ৰত বিগত দুমাহ ধৰি বিভাগীয়ভাৱে অনুসন্ধান কৰা হৈছিল । অনুসন্ধান কৰি পোৱা তথ্যৰ আধাৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যত সাৰ বিতৰণ তথা বিক্ৰীৰ ক্ষেত্ৰত 344 টা পাইকাৰী আৰু 1,615 টা খুচুৰা ডিলাৰ্চ আছে । অনুসন্ধান কৰি পোৱা অনিয়মৰ ভিত্তিত 30 জন পাইকাৰী ব্যৱসায়ক শ্ব’কজ দিয়াৰ বিপৰীতে 3 জনৰ অনুজ্ঞাপত্ৰ বাতিল, এখন ছীল কৰাৰ লগতে এজনক সকীয়নি দিয়া হৈছে ।

সেইদৰে খুচুৰা ডিলাৰৰ ক্ষেত্ৰত 380 জনক শ্ব’কজ, 3 খন বাতিল, 16 খন ছীল কৰাৰ লগতে এজনক সকীয়নি দিয়া হৈছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰী বৰাই লগতে কয় যে, সাৰ বিতৰণ প্ৰক্ৰিয়াটোত চলি থকা দীৰ্ঘদিনীয়া অনিয়ম স্থায়ীভাৱে ৰোধ কৰাৰ বাবে কেতবোৰ সংস্কাৰ সাধন কৰা হৈছে । খুচুৰা বিক্ৰেতাৰ পৰা কৃষকলৈ, পাইকাৰীৰ পৰা খুচুৰা ডিলাৰলৈ আৰু সাৰ উৎপাদনকাৰী কোম্পানীৰ পৰা পাইকাৰী ব্যৱসায়ীলৈ এই তিনিটা দিশত কেতবোৰ সংশোধন কৰা হৈছে ।

এতিয়াৰে পৰা পইণ্ট অৱ চেল মেচিন (Point Of Sale Machine) ব্যৱহাৰ নকৰিলে ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব । বিক্ৰীৰ পৰিমাণ আৰু মূল্য সন্দৰ্ভত স্বচ্ছতা অনাৰ বাবে এই ব্যৱস্থা জৰুৰী । ডিলাৰক সাৰৰ যোগান ধৰাৰ প্ৰক্ৰিয়াটোত স্বচ্ছতা অনাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :নাৰায়ণপুৰত কৃষকৰ সপোন কাঢ়িছে চৰহা পোকে

কোম্পানীয়ে ইচ্ছানুসাৰে ডিলাৰক সাৰৰ যোগান ধৰিব নোৱাৰিব । আনহাতে খুচুৰা বিক্ৰেতাসকলে নিৰ্দিষ্ট কৰি দিয়া এলেকাতে ব্যৱসায় কৰিব লাগিব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই । সেইদৰে অৰ্হতাৰ ভিত্তিতহে অনুজ্ঞাপত্ৰ দিয়া হ’ব । বৰ্তমান সময়ত ৰাজ্যত স‍াৰৰ 7 টা ৰে’লৱে ৰেক্ পইণ্ট (Railway Rake Point) আছে আৰু এই সংখ্যা 16 টালৈ বৃদ্ধি কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰে আলোচনা কৰি থকা হৈছে ৷

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (PM Kisan Samman Nidhi)ত ভুৱা কৃষক অন্তৰ্ভূক্ত হোৱা সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে, অসমত বহু সংখ্যক উপান্তৰ খেতিয়ক আছে । বহু খেতিয়কৰ নিজৰ নামত মাটি নাই । আঁচনিখনত প্ৰকৃত কৃষকসকলহে অন্তৰ্ভুক্ত হ’ব ।

এই সন্দৰ্ভত কেবিনেটেও সিদ্ধান্ত গ্ৰহণ কৰিছে । নাম অন্তৰ্ভুক্ত হোৱা ভুৱা কৃষকসকলে টকা ঘূৰাই দিব লাগিব । নিদিয়‍সাকলৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :কৃষিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰে কৃষকৰ ওপৰত মাধমাৰ

ABOUT THE AUTHOR

...view details