অসম

assam

পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

By

Published : Sep 27, 2019, 9:44 PM IST

উল্লেখযোগ্য যে, জানুৱাৰী মাহত 45 টা খালী হৈ থকা পশু চিকিৎসক পদ আৰু 221 জন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হব ৷ তৃতীয় বৰ্গৰ খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ কথাও জনিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 27 ছেপ্টেম্বৰঃপ্ৰধানমন্ত্ৰী মোদীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে 2022 ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ ৷ পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আয়োজন কৰিলে এখনি সংবাদমেল ৷ সংবাদমলত অতুল বৰাই জানিবলৈ দিয়ে যে, পশু পালনত এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্য কাম কৰি থকা হৈছে যদিও বৰ্তমানলৈ গাখীৰ ,কণী ,মাংস উৎপাদনত সফল হব পৰা নাই চৰকাৰ ৷ তাৰ বাবে নতুন নিযুক্তি আৰু শ্ৰম নিৰ্ভৰশীল হ'ব পৰাকৈ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

উল্লেখযোগ্য যে, জানুৱাৰী মাহত 45 টা খালী হৈ থকা পশু চিকিৎসক পদ আৰু 221 জন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হব ৷ তৃতীয় বৰ্গৰ খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ কথাও জনিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ লগতে 64 গৰাকী চিকিৎসকক মহকুমা পৰ্যায়ৰ বিষয়ালৈ আৰু মহকুমা পৰ্য্যায়ৰ 32 জন বিষয়াক সহকাৰী সঞ্চালক পদলৈ পদোন্নতি কৰাৰ কথাও ব্যক্ত কৰে ৷পশুপালনৰ লগত জড়িত হৈ আছে নিবনুৱা সমস্যা ৷ গতিকে পশুপালনৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছে বিভাগটোৱে ৷ বহিৰাগত গাখীৰ ,মাংস, কণীৰ পৰিবৰ্তে অসমত উৎপাদন বৃদ্ধিৰ বাবে কাম কৰাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যত জৰাজীৰ্ণ ৰূপ লোৱা পশুপালন তথা চিকিৎসা কেন্দ্ৰ মেৰামতিৰ লগতে পশুপালক সকলৰ বাবে বীমাৰ ব্যৱস্থা থাকিব বুলিও উক্ত সংবাদমেলত জানিবলৈ দিলে মন্ত্ৰী অতুল বৰাই ৷

ABOUT THE AUTHOR

...view details