অসম

assam

ETV Bharat / state

ৰাজ্যত গাহৰিৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল - ৰাজ্যত গাহৰিৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

ৰাজ্যৰ গাহৰিয়ে যদি আফ্ৰিকান ছোৱাইন ফিভাৰত ভুগিছে তেন্তে এই ৰোগৰ কোনো প্ৰতিষেধক নাই বুলি জানিবলৈ দিলে অতুল বৰাই ।

অতুল বৰাৰ সংবাদমেল
অতুল বৰাৰ সংবাদমেল

By

Published : Apr 29, 2020, 6:03 PM IST

গুৱাহাটী, 29 এপ্ৰিল :কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে গাহৰিৰ মৃত্যুক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ । তথ্য অনুসৰি, ৰাজ্যত বৰ্তমানলৈ মৃত্যু হৈছে 2283 টা গাহৰিৰ ৷ কিন্তু এই পৰ্যন্ত গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই, ইতিমধ্যে ভূপাললৈ গাহৰিৰ নমুনা প্ৰেৰণ কৰা হৈছে ৷ কম দিনৰ ভিতৰতে সকলো তথ্য পোহৰলৈ আহিব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷ বুধবাৰে মহানগৰীৰ চেনিকুঠিৰ পশু হাস্পতালত এখন সংবাদ মেল সম্বোধন কৰি বিভাগীয় বিষয়া তথা চিকিৎসকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।

অতুল বৰাৰ সংবাদমেল

গাহৰিৰ এই ৰোগ অৰুণাচলৰ পৰা সংক্ৰমণ হোৱাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বনৰীয়া গাহৰিলৈ এই ৰোগ সংক্ৰমণ নহ'বৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, উজনি অসমত গাহৰি দেহত ছোৱাইন ফিভাৰ দেখা দিয়াক বিপৰীতে বৰ্তমানলৈ নামনি অসমৰ গাহৰিৰ দেহত তেনে কোনো ৰোগৰ লক্ষণ দেখা দিয়া নাই বুলিও স্পষ্ট কৰে কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই ।

অতুল বৰাৰ সংবাদমেল

উল্লেখ্য যে, ৰাজ্যৰ গাহৰিয়ে যদি আফ্ৰিকান ছোৱাইন ফিভাৰত ভুগিছে তেন্তে এই ৰোগৰ কোনো প্ৰতিষেধক নাই বুলি জানিবলৈ দিলে অতুল বৰাই । আনহাতে ৰাজ্যত মৃত্যু হোৱা জীৱকূলৰ মৃত্যু কাৰণ উলিয়াবৰ বাবে চিকিৎসকসকলে দিনে নিশাই চেষ্টা চলাই থকাৰ কথা অৱগত কৰে মন্ত্ৰী অতুল বৰাই ৷

ABOUT THE AUTHOR

...view details