অসম

assam

ETV Bharat / state

শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা - মন্ত্ৰী অতুল বৰা

মন্ত্ৰী অতুল বৰাই অসম চুক্তি ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আছুৰ নেতৃত্বৰে সৌজন্যমূলক আলোচনাত মিলিত হয় । সদভাৱ লৈ ৰাজনৈতিক সদিচ্ছা প্ৰকাশৰ বাবে ইয়ালৈ আহিছো । অসমবাসীৰ কেইবাদশকৰ আশা পূৰণৰ দিশে আমি আগবাঢ়িছো । মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আগ্ৰহেৰে লৈছে আৰু সৰ্বাধিক গুৰুত্ব দিছে ।

শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা
শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা

By

Published : May 20, 2021, 12:48 PM IST

Updated : May 20, 2021, 2:12 PM IST

গুৱাহাটী,২০ মে': অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে শ্বহীদ ন্যাসত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে এক আলোচনাত মিলিত হয় । আছুৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

মন্ত্ৰীগৰাকীয়ে অসম চুক্তি ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আছুৰ নেতৃত্বৰে সৌজন্যমূলকভাৱে আলোচনাত মিলিত হয় । আলোচনাৰ অন্তত মন্ত্ৰী অতুল বৰাৰ লগতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি আছুৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে ।

শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা

শ্বহীদ ন্যাসৰে বহু স্মৃতি জড়িত থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয়-' এটা সদভাৱ লৈ ৰাজনৈতিক সদিচ্ছা প্ৰকাশৰ বাবে ইয়ালৈ আহিছো । আমাৰ চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বিষয়টোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে । অসমবাসীৰ কেইবাদশকৰ আশা পূৰণৰ দিশে আমি আগবাঢ়িছো । মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আগ্ৰহেৰে লৈছে আৰু সৰ্বাধিক গুৰুত্ব দিছে ।

অসম চুক্তিৰ ছয় নম্বৰ দফা সন্দৰ্ভত পৰ্যায়ক্ৰমে আলোচনা কৰা হ'ব । আছুৰ সহযোগত আমি এই কাম কৰিব লাগিব । আমাৰ চৰকাৰে শ্বহীদৰ পৰিয়ালৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰি পদক্ষেপ গ্ৰহণ কৰিছে ।' ইফালে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ শ্বহীদ ন্যাস ভ্ৰমণক ইতিবাচক আখ্যা দিছে আছুৰ নেতৃত্বই ৷

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-' এসময়ত তেওঁ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল আৰু আজি তেওঁ স্মাৰক পত্ৰ লব পৰা হ'ল । তাৰ পিছত তেওঁ ইয়ালৈ অহা বাবে ধন্যবাদ জনাইছো । কোনো মন্ত্ৰীয়েই আগতে অহা নাছিল । প্ৰথম বাৰৰ বাবে অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী আহিছে । আদৰণি জনাইছোঁ । এয়া আমাৰ বাবে ইতিবাচক । অসম চুক্তি ৰূপায়ণ কৰাটোৱেই মূল বিষয় । আজিৰ আলোচনা অনানুষ্ঠানিক, ইয়াৰ পিছত অনুষ্ঠানিকতা দেখিবলৈ পাম বুলি আশা কৰিছো । ৬ নং দফা, ৭ নং দফা, কাগজ কল সকলো কথাই গুৰুত্বপূৰ্ণ । বিষয়সমূহ ইতিবাচক সিদ্ধান্ত লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কৈছে । আমাক লাগে ফলাফল । অসম চুক্তিৰ প্ৰত্যেকটো দফা সময়ৰ ভিতৰত ৰূপায়ন কৰা হ'ব বুলি ভাবিছো । কিন্তু ফলাফল পালেহে আমি আশ্বস্ত হম । আছুৱে ফলাফল লাভৰ বাবেহে আন্দোলন কৰে । অসম চুক্তি ৰূপায়ণৰ বিষয়তোক কৈ আমি সদায় ইতিবাচক । অসম চুক্তিৰ প্ৰত্যেকটো দফা অক্ষত থকাটো বিচাৰো ।

'আনহাতে আছুৰ সভাপতি দীপাংক নাথে কয়-' আমি আশা আশাবাদী । কিন্তু কাৰ্যকৰী হোৱাৰ পিছতহে আমি আশ্বস্ত হ'ব পাৰিম । অসম চুক্তিৰ কেইবাটাও দফা আগবাঢ়িছে যদিও সম্পূৰ্ণ হোৱা নাই, মন্ত্ৰীগৰাকীয়ে আগবঢ়াই নিব বুলি ভাবিছো । ৬ নং দফা এটা বছৰৰ বেছি অসম চৰকাৰৰ হাততেই থাকিল । শ্বহীদ, নিৰ্যাতিত সকলৰ সাহাৰ্য আদি বিষয় যোগাত্মক ভাবে আগবঢ়াই নিব বুলি আশা ৰাখিছো ।'

উল্লেখ যে, মন্ত্ৰী অতুল বৰাই আছু আৰু শ্বহীদ আৰু নিৰ্যাতিত সাহায্য ন্যায়ৰ নেতৃত্বৰ লগত সৌজন্যমূলক আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:কৰ'ণাত মৃত্যু ডিব্ৰুগড়ৰ 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ পৰিচালকৰ

Last Updated : May 20, 2021, 2:12 PM IST

ABOUT THE AUTHOR

...view details