অসম

assam

ETV Bharat / state

দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা

বৃহস্পতিবাৰে ৰাজ্যৰ নৱনিযুক্ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা উপস্থিত হয় বিভাগীয় কাৰ্যালয়ত । কাৰ্যালয়ত উপস্থিত হৈয়েই বিভাগীয় বিষয়াবৰ্গৰ সৈতে প্ৰায় এঘণ্টাজুৰি বৈঠকত মিলিত হয় মন্ত্ৰী বৰা ।

atul_bora_assam_acord_office
দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা

By

Published : May 13, 2021, 4:52 PM IST

গুৱাহাটী,১৩ মে':বিগত পাঁচ বছৰীয়া কাৰ্যকালত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চুক্তি ৰূপায়ণ বিভাগ ৰাখিছিল নিজৰ হাতত । কিন্তু এইবাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এই বিভাগটো অৰ্পণ কৰিছে মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ হাতত ।

বৃহস্পতিবাৰে নৱনিযুক্ত মন্ত্ৰীগৰাকী উপস্থিত হয় ৰাজ্যৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত । বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰায় এঘণ্টাজুৰি এখন বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা । বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী বৰাই কয় যে অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন বিভাগ দুটা অতি প্ৰত্যাহ্বানপূৰ্ণ । সেই প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি লগতে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক এই বিভাগ দুটাৰ দায়িত্ব ন্যস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী ধন্যবাদৰ পাত্ৰ ।

দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়ণৰ লগতে তাৰ সৈতে জড়িত হৈ থকা অন্যান্য বিষয়সমূহ চালি-জাৰি চাই কাৰ্যকৰীকৰণত অগ্ৰসৰ হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক:বিশ্বনাথত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংঘালৰ

ABOUT THE AUTHOR

...view details