গুৱাহাটী, ৫ আগষ্ট: যাত্ৰীবাহী বিমান বা স্থলপথেৰে নগৈ গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বিমাানেৰে মিজোৰামলৈ কিয় যাবলগীয়া হ'ল অসম চৰকাৰৰ দুই মন্ত্ৰী ? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে অসম চৰকাৰৰ ফালৰ পৰা শান্তিৰ বাৰ্তা লৈ মিজোৰামলৈ যাবলৈ তেওঁ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে পুৱা এই দুই মন্ত্ৰী চাৰ্টাৰ্ড বিমানেৰে বৰঝাৰৰ পৰা আইজল অভিমুখে উৰা মাৰে ।
বৰ্তমান ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে ৷ বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবেও নাবাৰ্ড বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চৰকাৰে ঋণ লৈছে ৷ ক'ভিডৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা বৰঙণি বিচাৰিবলগীয়া হৈছে । তেনে সময়ত প্ৰায় ২৩ লাখ টকা কেৱল বিমানৰ ভাড়া পৰিশোধ কৰি দুজনকৈ মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমানেৰে মিজোৰামলৈ যোৱাটো কিমান জৰুৰী আছিল, তাকেলৈ এতিয়া প্ৰশ্ন উঠিছে ।
গুৱাহাটী আৰু আইজলৰ মাজত যাত্ৰীবাহী বিমান চলাচল কৰি থকাৰ পিছতো অসমৰ দৰে দৰিদ্ৰ এখন ৰাজ্যৰ দুই মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমান লৈ শান্তিৰ বাৰ্তা বিলাবলৈ যোৱাটো হাস্যকৰ ।