গুৱাহাটী, 2 মে' :অসমৰ 6 খন জিলা আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত এই কথা নিশ্চিত কৰিলে ভূপালৰ উচ্চ সুৰক্ষা পশুৰোগ প্ৰতিষ্ঠানে । অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ আৰু বিশ্বনাথত এতিয়াৰে পৰা নিষিদ্ধ কৰা হ'ল গাহৰিৰ বেচা-কিনাৰ লগতে সৰবৰাহ। অৰুণাচলৰ পৰা এই ৰোগ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে বুলি জানিবলৈ দিলে কৃষি তথা পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাই । অৰুণাচলৰ সমীপৱৰ্তী অঞ্চল জোনাইত প্ৰথম ধৰা পৰিছিল গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ।
গাহৰি পালকৰ সৈতে আলোচনাৰ অন্তত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে মন্ত্ৰী গৰাকীয়ে । আনহাতে, শেহতীয়া তথ্য অনুসৰি ৰাজ্যত সৰ্বমুঠ 30 লাখ গাহৰি থকাৰ তথ্য আছে চৰকাৰৰ হাতত । গাহৰি পালক সকলৰ লোকচান নোহোৱাকৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শনিবাৰে এখন বৈঠকত মিলিত হয় অতুল বৰা । বৈঠকৰ অন্তত পৰৱৰ্তী কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীৰ উপদেশ মৰ্মে এখন 20 জনীয়া কমিটি গঠন কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত জনালে মন্ত্ৰীগৰাকীয়ে । আনহাতে গাহৰিৰ ছোৱাইন ফিভাৰ পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমত হোৱা বুলি জানিবলৈ দিলে অতুল বৰাই । এই ছোৱাইন ফিভাৰৰ পৰা মানৱ জাতিৰ কোনো হানি নোহোৱাকৈ মানৱ দেহে লৈ ফুৰিব পাৰে বুলি মন্ত্ৰীজনে উল্লেখ কৰে ৷