গুৱাহাটী, ১৬ জুন:কৃত্ৰিম বানৰ কবলৰ পৰা এতিয়াও মুক্ত হোৱা নাই মহানগৰীৰ সাতগাওঁৰ বিস্তীৰ্ণ অঞ্চল(Artifical flood in Guwahati) । যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ(Heavy rainfall in Guwahati)ৰ ফলত সাতগাওঁ-নাৰেংগী সংযোগী পথত একঁকাল পৰ্যন্ত পানী হোৱাৰ লগতে সাতগাৱঁৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ থকাত ইয়াৰ বাসিন্দা সকলে যাতায়তত দুৰ্ভোগ ভুগিব লগীয়া হৈছে(Guwahati flood updates) ।
ইফালে বৃহস্পতিবাৰে দিনৰ ভাগত সাতগাঁৱৰ বিভিন্ন জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক বৰাই কয় প্ৰাকৃতিক ভাবে উৎপন্ন হোৱা পাহাৰ তথা জলাশয় সমূহ ধ্বংস কৰি মানুহে যধেমধে অট্টালিকা নিৰ্মান কৰিলে গুৱাহাটীৰ এনেকুৱা অৱস্থা হবই ।