গুৱাহাটী, 25 অক্টোবৰ: ৰাজ্যৰ লগতে বহিৰাজ্যত এ টি এম ভাঙি টকা লুট কৰা চোৰৰ বিৰুদ্ধে গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ATM চোৰক। ২২ অক্টোবৰৰ নিশা দুই গভাইত চোৰে শ্বিলঙৰ উমিয়ামত থকা এছ বি আইৰ ATM ভাঙি নগদ ৩.১৫ লক্ষ টকা লৈ উধাও হৈছিল। সমগ্ৰ ঘটনা মেঘালয়ৰ এগৰাকী যুৱতীয়ে ATM টোৰ ওপৰত থকা ছাদৰ পৰা ম'বাইলৰ কেমেৰাত আৱদ্ব কৰিছিল।
গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ATM চোৰ - গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ATM চোৰ
২২ অক্টোবৰৰ নিশা দুই গভাইত চোৰে শ্বিলঙৰ উমিয়ামত থকা এছ বি আইৰ ATM ভাঙি নগদ ৩.১৫ লক্ষ টকা লৈ উধাও হৈছিল। সমগ্ৰ ঘটনা মেঘালয়ৰ এগৰাকী যুৱতীয়ে ATM টোৰ ওপৰত থকা ছাদৰ পৰা ম'বাইল কেমেৰাত আৱদ্ব কৰিছিল।
আনহাতে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত আৰক্ষীৰ তালাচী চকীত চোৰদ্বয়ে ব্যৱহাৰ কৰা বলেৰ' বাহন খন ৰখাবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱাৰিলে। পৰৱৰ্তী সময়ত মেঘালয় আৰক্ষীয়ে গড়চুক আৰক্ষীৰ লগত যোগাযোগ কৰি বাহন খনৰ নম্বৰ পৰীক্ষা কৰিবলৈ দিয়াত গড়চুক আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি মহানগৰীৰ কটাহবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বৰপেটাৰ দুই ধৃত চোৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছাইফুল ইছলাম ।
জানিব পৰা মতে উক্ত চোৰ দুজন পেছাত গাড়ী চালক আৰু ৰাজ মিস্ত্ৰী ৷ আনহাতে আৰক্ষীৰ সন্মুখত ধৃত দুই চোৰে ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷ কিন্তু বৰ্তমান পলতক সেই লোক দুজন । গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধৃত চোৰ দুজনক চমজাই দিয়ে মেঘালয় আৰক্ষীক ।