গুৱাহাটী, 22 জানুৱাৰী: গুৱাহাটী আৰক্ষী আয়ুক্তলায়ৰ অন্তৰ্গত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে শনিবাৰে জালুকবাৰী আৰু গড়চুকত পৃথকে পৃথকে চলোৱা অভিযান দুজন এ টি এমৰ ধন চোৰ আৰু এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে পুৱা লখৰাত অভিযান চলায় দুজন এ টি এমৰ ধন চোৰক গ্ৰেপ্তাৰ কৰে (ATM money thieves arrested in Guwahati) ।
ধৃত চোৰ দুজন হাৰিয়ানাৰ হিজাৰ জিলাৰ ৰাজেশ(২৪) আৰু লক্ষণ(২৫)। আৰক্ষীয় প্ৰকাশ কৰা মতে দুই চোৰ ৰাজেশ আৰু লক্ষণে এ টি এমৰ ভিতৰত প্ৰৱেশ কৰি নিজৰ ভুৱা এ টি এম কাৰ্ড সাধাৰণ মানুহৰ এ টি এম কাৰ্ডৰ সৈতে কৌশলেৰে সলনি কৰি এ টি এমৰ পৰা ধন হৰলুকি কৰি আহিছিল । আৰক্ষীয়ে দুই চোৰ ৰাজেশ আৰু লক্ষণৰ পৰা এনে ৩৮ খন বিভিন্ন বেংকৰ এ টি এম জব্দ কৰিছে ।