গুৱাহাটী,১১ ফ্ৰেব্ৰুৱাৰী:অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । চিলনী চোৰ, ডকাইতিকাণ্ডই মহানগৰবাসীক ত্ৰাসিত কৰি ৰখাৰ মাজতে মহানগৰীত ওলাইছে ATM প্ৰৱঞ্চক(ATM fraud arrested in Beltala) । মহানগৰীৰ বেলতলাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে প্ৰবঞ্চকটোক(ATM fraud arrested in Guwahati) । বেলতলা বজাৰত থকা HDFC আৰু SBI এটিমত কাৰ্ড ব্যৱহাৰ কৰি কৌশলেৰে ধন হৰলুকি কৰিবলৈ চেষ্টা কৰোঁতেই ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় প্ৰবঞ্চকটোক(Public beats the ATM fraud) ।
ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে বিয়লিভাগত বেলতলা বজাৰত থকা HDFC আৰু SBI ATM ৰ সন্মুখত তিনিজন অচিনাকী যুৱকে অহা যোৱা কৰি আছিলে । যুৱক তিনিজনে ATMত ওলোৱা সোমোৱা কৰি থকা দেখি ওচৰতে থকা এগৰাকী সচেতন ব্যক্তিৰ সন্দেহে ওপজে । ফলত কিছুসময় অনুসৰন কৰি ব্যক্তিজনে যুৱক তিনিজনক ওচৰলৈ মাতি সোধপোছ আৰম্ভ কৰে । সোধপোছত তিনিওজনৰ কথাৰ মিল নথকাত দুজন যুৱক দৌৰি পলাই যায় । ইফালে এজন যুৱকক উপস্থিত ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে দিছপুৰ আৰক্ষীক(Dispur Police) ।