গুৱাহাটী, ১১ আগষ্ট: খেলুৱৈ জীৱনৰ ক্ৰমাগত দ্বিতীয়খন কমনৱেলথ গেমছত অংশগ্ৰহনৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় হিমা দাস (After CWG Hima Das in Guwahati )। পদক নাপালেও বাৰ্মিংহামত মহিলাৰ ২০০ মিটাৰ ইভেন্টত ছেমি ফাইনেলত সুন্দৰ প্ৰদৰ্শনেৰে ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে ।
মাইক্ৰ' ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমা দাসে গ্ৰেট ব্ৰিটেইনৰ ভূমিত দেখুৱাই দিছিল অসমীয়াৰ শক্তি । বৃহস্পতিবাৰে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে গুৱাহাটীৰ হোটেল ভিভান্তাত এখন সংবাদমেল সম্বোধন কৰে (Athletic Hima Das Address press conference at Taj Vivanta)। অসম এথলেটিকছ সন্থাই আয়োজন কৰা সংবাদমেলখনত হিমা দাসে বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰে (Assam Athletics Association)।
হিমা দাসে কয় যে, "সময়ৰ মূল্যটো বুজি পাইছো । চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো । খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি । আঘাতটো খেলৰ ক্ষেত্ৰত থাকেই বুলি উল্লেখ কৰি তেওঁ কয় যে আঘাত হ'লেও খেলুৱৈয়ে যিকোনো ঔষধ খাব নোৱাৰে । ব্যায়াম কৰি ভাল কৰিব লগা হয় । যাৰ বাবে ধৈৰ্য শক্তি বেছি লাগে । নিজকে নিজে শক্তিশালী কৰিব লাগে "।