অসম

assam

সৰুসজাইত আৰম্ভ প্ৰতিভা সন্ধানী এথলেটিকছ প্ৰতিযোগিতা

১৭ আৰু ২১ বছৰ অনুৰ্ধ্বৰ খেলুৱৈসকলৰ মাজত ৪০০ মিটাৰ, ৪×৪০০ মিঃ ৰীলে দৌৰ অনুষ্ঠিত হৈছে। ৰাজ্যৰ ২৫ খন জিলাৰ পৰা ২৬২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত।

By

Published : Dec 12, 2020, 8:51 PM IST

Published : Dec 12, 2020, 8:51 PM IST

athlete-state-meet-at-sarusajai
সৰুসজাইত আৰম্ভ প্ৰতিভা সন্ধানী এথলেটিকছ প্ৰতিযোগিতা

গুৱাহাটী, 12 ডিচেম্বৰ : অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক অসম আন্তঃজিলা প্ৰতিভা সন্ধানী এথলেটিকছ প্ৰতিযোগিতা । ১৭ আৰু ২১ বছৰ অনুৰ্ধ্বৰ খেলুৱৈসকলৰ মাজত ৪০০ মিটাৰ, ৪×৪০০ মিঃ ৰীলে দৌৰ অনুষ্ঠিত হৈছে । ৰাজ্যৰ ২৫ খন জিলাৰ পৰা ২৬২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ।

সৰুসজাইত আৰম্ভ প্ৰতিভা সন্ধানী এথলেটিকছ প্ৰতিযোগিতা

সদ্যসমাপ্ত আন্তঃক্লাৱ প্ৰতিযোগিতাসমূহত সোণৰ পদক বিজয়ী খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছে তেলেংগানা এথলেটিকছ সন্থাৰ সভাপতি ষ্টেনলী জনছ, অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ । উঠি অহা প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ এনেদৰেই অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৎপৰতা অনুষ্ঠিত হৈ আছে বিভিন্ন প্ৰতিযোগিতা।

লগতে পঢ়ক: 39 বছৰত ভৰি দিলে 'চিক্সাৰ কিং' যুৱৰাজ সিঙে

ABOUT THE AUTHOR

...view details