অসম

assam

ETV Bharat / state

প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক - Bisthuram Baruah Hall

আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন গুণমুগ্ধ তথা বিজেপি কৰ্মকৰ্তা সকলে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত বিভিন্ন ঠাইত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Aug 16, 2019, 7:42 PM IST

Updated : Aug 16, 2019, 8:50 PM IST

নিউজ ডেস্ক, 16 আগষ্টঃ শুক্ৰবাৰে সম্পূৰ্ণ হ'ল আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী । বিগত বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল ভাৰতীয় ৰাজনীতিৰ মহীৰূহস্বৰূপ মৃদুভাষী তথা আদৰ্শবাদী ৰাজনীতিক হিচাপে পৰিচিত জনপ্ৰিয় নেতাগৰাকীৰ ৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক নুমল মমিনৰ লগতে দলৰ বহু কেইজন শীর্ষ নেতা । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় | বিজেপিৰ জিলা সমিতিৰ কাৰ্য্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় | শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলৰ জিলা সভাপতি সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে উপ সভাপতি দ্বয় ক্ৰমে পুৰন্দৰ নাথ আৰু হৃদয়ানন্দ দাসকে প্ৰমুখ্য কৰি শতাধিক দলীয় নেতা কৰ্মী উপস্থিত থাকে | আনহাতে জনতাৰ প্ৰধানমন্ত্ৰী হিচাবে খ্যাত অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাটো পালন কৰা হয় ৷ যোৰহাট জিলাৰ বিষ্টুৰাম বৰুৱা হলত জিলা বিজেপিয়ে অনুষ্ঠিত কৰা সৰ্বধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা বিজেপিৰ সমূহ কৰ্মকতা । সৰ্বধৰ্মীয় নাম-প্ৰসংগৰে বিশেষভাৱে পালন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সাংসদ তাছাই কয় "অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী নাছিল তেওঁ বিশ্ব নেতা আছিল ৷ তেওঁৰ জীৱনযোৰা সংগ্ৰাম আৰু সফলতা জীৱিত কালতেই দেখা পাই গৈছে" ৷ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি বাজপেয়ীজী ডনাৰ মন্ত্ৰী হৈ থাকোতেই অসমক বহু দি গৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা অনুচ্ছেদ 370 আৰু 35 বাজপেয়ীৰ সংগ্ৰামৰ আন এক ফচল বুলি অভিহিত কৰে নেতাগৰাকীয়ে ৷

Last Updated : Aug 16, 2019, 8:50 PM IST

ABOUT THE AUTHOR

...view details