গুৱাহাটী,3 জুনঃসমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীয়ে ভাৰততো লৈছে ভয়ংকৰ ৰূপ । কিন্তু ইয়াৰ মাজতে এটা ভাল বাৰ্তা দিছে অসমৰ এগৰাকী জ্যোতিষীয়ে । গুৱাহাটীৰ আগশাৰীৰ জ্যোতিষী লীলা মাধৱ শইকীয়াই ইটিভি ভাৰতক জনোৱা অনুসৰি কৰ'ণা মহামাৰীয়ে বৃদ্ধি কৰিব বিশ্ব ৰাজনীতিত ভাৰতৰ প্ৰতিপত্তি । জ্যোতিষী লীলা মাধৱ শইকীয়াই কয়,"কৰ'ণা মহামাৰীয়ে বিশ্বত ভাৰতৰ প্ৰতিস্থা,সংস্কৃতি আৰু ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিব।"
29 ছেপ্টেম্বৰৰ পাছত হ্ৰাস পাব কৰ'ণাৰ প্ৰভাৱ ! - 2020ৰ 29 ছেপ্টেম্বৰলৈকে থাকিব কৰ'ণাৰ প্ৰভাৱ
এয়া আমি কোৱা কথা নহয় ৷ এই কথা জনাইছে গুৱাহাটীৰ আগশাৰীৰ জ্যোতিষী লীলা মাধৱ শইকীয়াই ৷ তেখেতৰ দাবী চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ মাহৰ 29 তাৰিখৰ পৰা হ্ৰাস পাব কৰ'ণাৰ প্ৰভাৱ ৷
![29 ছেপ্টেম্বৰৰ পাছত হ্ৰাস পাব কৰ'ণাৰ প্ৰভাৱ ! astrologer lila madhob saikia on Covid-19 and Indian politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7455356-thumbnail-3x2-a.jpg)
জ্যোতিষী লীলা মাধৱ শইকীয়া
জ্যোতিষী লীলা মাধৱ শইকীয়া
লগতে তেওঁ কয়,"কৰ'ণাৰ আৰম্ভণি ২০১৯ চনৰ ডিচেম্বৰ মাহৰ সূৰ্য গ্ৰহণৰ সময়ৰ পৰা হৈছিল আৰু ইয়াৰ প্ৰভাৱ ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈ থাকিব । আগন্তুক জুলাই মাহত হ'ব লগা সূৰ্য গ্ৰহণৰ পাছৰ পৰা লাহে লাহে এই ৰোগত মৃত্যুৰ সংখ্যা কমি আহিব আৰু ছেপ্টেম্বৰৰ পাছতে ইয়াৰ প্ৰতিষেধক ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে" ৷
লগতে চাওকঃ মৰিগাঁও আৰক্ষীৰ দিন দুপৰতে ধন সংগ্ৰহ ৰাজপথত
Last Updated : Jun 3, 2020, 8:02 PM IST