অসম

assam

ETV Bharat / state

জুলাই মাহত ভাল খবৰ আহিব কলেজ শিক্ষকলৈ ! - Assam

প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৬৩ খন মহাবিদ্যালয়ৰ ৪০০টা পদত স্থায়ী নিযুক্তি দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে । পৰৱৰ্তী সময়ত সকলো মহাবিদ্যালয়তে খালী হৈ থকা এনে পদ সমূহত স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।

জুলাই মাহত ভাল খবৰ আহিব কলেজ শিক্ষকলৈ !

By

Published : Jul 4, 2019, 6:28 PM IST

Updated : Jul 4, 2019, 6:56 PM IST

গুৱাহাটী,৪ জুলাই : অৱশেষত জুলাই মাহত ভাল খবৰ আহিল কলেজ শিক্ষক সকললৈ ৷ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত বছৰৰ পিছত বছৰজুৰি কৰ্মৰত হৈ থকা শতাধিক অস্থায়ী কলেজ শিক্ষকৰ বাবে সুখবৰ। অতি শীঘ্ৰে এইসকল অস্থায়ী শিক্ষকৰ চাকৰি নিয়মীয়া হোৱাৰ পথত। আনুষ্ঠানিকভাৱে ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

জুলাই মাহত ভাল খবৰ আহিব কলেজ শিক্ষকলৈ !
বিগত প্ৰায় দুটা দশকৰো অধিককাল খালী হৈ আছে বিভিন্ন প্ৰাদেশীকৃত আৰু চৰকাৰী মহাবিদ্যালয়ত শিক্ষকৰ পদ। প্ৰায় ১,৪০০ এনে পদ এতিয়াও ৰাজ্যত খালী হৈ আছে। ইয়াৰে একাংশ পদত বছৰৰ পিছত বছৰজুৰি কৰ্মৰত হৈ আছে অস্থায়ী আৰু অংশকালীন প্ৰবক্তাসকল। কিন্তু এইসকলৰে চাকৰি এতিয়া নিয়মীয়া হোৱাৰ পথত।প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৬৩ খন এনে মহাবিদ্যালয়ত ৪০০ টা পদত স্থায়ী নিযুক্তি দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত সকলো মহাবিদ্যালয়তে খালী হৈ থকা এনে পদ সমূহত স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।
Last Updated : Jul 4, 2019, 6:56 PM IST

ABOUT THE AUTHOR

...view details