গুৱাহাটী, 17 মাৰ্চঃশ্বহীদ ভৱনত অনুষ্ঠিত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন বৈঠক ৷ এই বৈঠকত অসমজুৰি আন্দোলন কৰি সংগ্ৰামী সত্ত্বা আৰু শক্তিসমূহক ঐক্যবদ্ধ কৰি সামুহিক সংগ্ৰামী মঞ্চ এখন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ যাৰ আধাৰ তৈয়াৰ কৰিবলা অহা 19 মাৰ্চৰ পৰা ইয়াৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰা হ'ব ৷ 19 তাৰিখে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ সভা এখন অনুষ্ঠিত হ'ব ৷ তাৰ সমান্তৰালকৈ সমগ্ৰ অসমতে অঞ্চলিক পৰ্যায়ত সংগ্ৰামী সত্ত্বা আৰু শক্তিসমূহক ঐক্যবদ্ধ কৰি সামুহিক সংগ্ৰামী মঞ্চ এখন গঠনৰ এক আধাৰ তৈয়াৰ কৰা হ'ব ৷ লগতে পৰৱৰ্তী সময়ত CAA বিৰোধী আন্দোলন কেনেদৰে সুসংবদ্ধ আৰু শক্তিশালী ৰূপত অসমৰ প্ৰান্তে প্ৰান্তে আগবঢ়াই নিব পাৰি তাৰেই এক বিস্তৃত ৰণকৌশল এই বৈঠকত তৈয়াৰ কৰা বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷
শ্বহীদ ভৱনত অনুষ্ঠিত আছু আৰু AJYCP ৰ বৈঠক - লুৰিণ জ্যোতি গগৈ
মঙলবাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয় শ্বহীদ ভৱনত ৷ য'ত আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি ভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে ৷
![শ্বহীদ ভৱনত অনুষ্ঠিত আছু আৰু AJYCP ৰ বৈঠক আছু আৰু AJYCP ৰ বৈঠক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6443415-thumbnail-3x2-kk.jpg)
আছু আৰু AJYCP ৰ বৈঠক
শ্বহীদ ভৱনত অনুষ্ঠিত আছু আৰু AJYCP ৰ বৈঠক
ইয়াৰোপৰি এই বৈঠকত উপস্থিত থাকি এই সন্দৰ্ভত মত প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, ক'ৰণা ভাইৰাচৰ বাবে কিছু দিনলৈ স্থগিত ৰখা হৈছে CAA বিৰোধী আন্দোলন ৷ লগতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰিবলগীয়া কেইবাটাও পদক্ষেপৰ কথা প্ৰকাশ কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷
শ্বহীদ ভৱনত অনুষ্ঠিত আছু আৰু AJYCP ৰ বৈঠক
লগতে পঢ়কঃকৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী !