অসম

assam

ETV Bharat / state

নাৰেংগীত আছু নেতাক আক্ৰমণ - নাৰেংগীত আছু নেতাক আক্ৰমণ

শনিবাৰে মহানগৰীৰ নাৰেংগীত দিন-দুপৰতে দূৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’বলগা হৈছে নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপূৰ্ব বৈশ্য ৷ সংকটজনক অৱস্থাত স্থানীয় ৰাইজৰ তৎপৰতাত সাতগাঁৱৰ গেট হাস্পতালত ভৰ্তি কৰোৱা হয় অপূৰ্ব বৈশ্যক ।

নাৰেংগীত আছু নেতাক আক্ৰমণ
নাৰেংগীত আছু নেতাক আক্ৰমণ

By

Published : Jun 19, 2021, 9:02 PM IST

গুৱাহাটী,১৯ জুন : শনিবাৰে মহানগৰীৰ নাৰেংগীত সংঘটিত হৈছে এক অঘটন ৷ এজন উদণ্ড যুৱকৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হয় এজন যুৱক ৷ আহত যুৱকজন নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপূৰ্ব বৈশ্য বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, মহানগৰীৰ নাৰেংগী কেন্দুগুৰিৰ পশ্চিম উদয়গিৰী অঞ্চলত শনিবাৰে এজন উদণ্ড যুৱকৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হয় নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকী ৷ শনিবাৰে দিনৰ প্ৰায় 11.30 বজাত নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে নিজ গৃহৰ পৰা নাৰেংগী ছাত্ৰ সন্থাৰ কাৰ্যালয় অভিমুখে আহি থকা সময়তে একে অঞ্চলৰে দুলুমণি শর্মা নামৰ যুৱক এজনে হঠাৎ পিছফালৰ পৰা এখন চোকা অস্ত্ৰৰে আছু নেতাজনৰ ডিঙি আৰু বুকুত আক্ৰমণ কৰে ।

নাৰেংগীত আছু নেতাক আক্ৰমণ

যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অপূৰ্ব বৈশ্য ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰি পৰিয়ালৰ সহযোগত গেট হাস্পতালত ভৰ্তি কৰোৱা হয় অপূৰ্ব বৈশ্যক । সম্প্ৰতি অপূৰ্ব বৈশ্যৰ স্বাস্থ্য কিছু উন্নত হৈছে বুলি জানিব পৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, উক্ত ঘটনাৰ সন্দৰ্ভত অপূৰ্ব বৈশ্যৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ ৷

অপূৰ্ব বৈশ্যক আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুলুমণি শর্মাই ৷ অৱশ্যে পৰৱৰ্তী সময়ত উক্ত ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা দুলুমণি শৰ্মাক আটক কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষী । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুলুমণি শর্মা আৰু অপূৰ্ব বৈশ্যৰ পৰিয়ালৰ মাজত পূৰ্বৰ পৰাই চলি থকা কিছু ঘৰুৱা সংঘাতৰ পৰিণতিৰ ফলতে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

নুনমাটি আৰক্ষীয়ে সদৰী কৰা অনুসৰি, আটকাধীন দুলুমণি শৰ্মাৰ বিৰুদ্ধে পূৰ্বেও মহানগৰীৰ কেইবাখনো থানাত মাৰপিটৰ গোচৰ ৰুজু হৈ আছে । ইফালে নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপূৰ্ব বৈশ্যক দিন-দুপৰতে কৰা এনে আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে নাৰেংগী ছাত্ৰ সন্থাই । লগতে এই ঘটনাৰ লগত জড়িত থকা অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে নাৰেংগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতাই ।

লগতে পঢ়ক:২২ জুনত মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details