অসম

assam

ETV Bharat / state

আছুসহ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক - দিল্লী

ৰাজ্যৰ জলন্ত সমস্যাৰ সন্দৰ্ভত দল সংগঠনৰ বৈঠক । আছুসহ অসমৰ 30 টা জাতি-জনগোষ্ঠীয় সংগঠন মিলিত হয় বৈঠকত

আছুসহ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Sep 13, 2019, 6:41 PM IST

গুৱাহাটী,13 চেপ্তেম্বৰ : শুকুৰবাৰে মহানগৰীৰ পাণবজাৰত অনুষ্ঠিত হয় আছুসহ অসমৰ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক । ৰাজ্যৰ কেইবাটাও জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক,বৃহৎ নদীবান্ধ,এন আৰ চি আৰু অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিৱৰ্তে দিল্লীৰ শ্ৰুতলিপি মতে কাম কৰি থকা কাৰ্যকো বৈঠকত আলোচনা কৰে । পৰৱৰ্তী সময়ত সংগঠনকেইটাই কেনে পদক্ষেপ হাতত লয় তাৰ বিষয়ে বিতং আলোচনা হয় । অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভতো চৰকাৰৰ স্থিতিত মুঠেও সন্তুষ্ট নহয় সংগঠনকেইটা । তাৰোপৰি প্ৰতিটো সংগঠনৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰে । আছুসহ 30 টা সংগঠনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লয় এই বৈঠকত ।

আছুসহ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details