গুৱাহাটী, ২ জুন : অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন(Assistant commissioner of Kamrup Metro Barbi Hazarika suspended) । ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশযোগে নিলম্বন কৰে চৰকাৰী বিষয়াগৰাকীক । মাধ্যমিক শিক্ষা বিভাগৰ অ' এছ ডি(OSD, Department of Secondary Education) হিচাপে তেওঁ কৰ্মৰত হৈ আছিল ।
গুৱাহাটীত অলপতে অনুষ্ঠিত হৈ যোৱা এক্ট ইষ্ট পলিচিৰ সন্মিলনত অংশগ্ৰহণ কৰা ছিংগাপুৰ আৰু এছিয়ান প্ৰতিনিধিক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । বিদেশী প্ৰতিনিধি দলক অশালীন-অভব্য ব্যৱহাৰৰ কৰাৰ অভিযোগৰ বাবেই তেওঁৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ ছিংগাপুৰৰ এজন বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল বাৰ্বী হাজৰিকাই ।