গুৱাহাটী, 17 ডিচেম্বৰ : এইবাৰ মাত্ৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assembly likely to be held for four days) ৷ বিধানসভা সচিবালয়ৰ সুত্ৰই সদৰী কৰা মতে, চাৰিওটা দিনৰ কাৰ্যক্ৰমণিকাত প্ৰশ্নোত্তৰ কালৰ লগতে কেইবাখনো নতুন আৰু সংশোধনী বিধেয়ক উত্থাপন কৰা হব ৷
আটাইকেইখন বিধেয়ক 23 ডিচেম্বৰত সদনত উত্থাপন কৰাৰ লগতে একেদিনাই পাৰিতকৰণ কৰা হব । আনহাতে, অধিৱেশনৰ প্ৰথম দিনা 2021-22 বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা সমূহ সদনত উত্থাপন কৰা হব ৷