গুৱাহাটী, ১২ জুলাই: আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন(Budget Session) । অধিৱেশনৰ প্ৰথম দিনটোতে আজি বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱক কেন্দ্ৰ কৰি এক তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত । সদনত সোমবাৰে প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় বিধানসভাৰ কাৰ্যক্ৰমণিকা । কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইৰ প্ৰশ্নৰে বিধানসভাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হয় ।
মূলতঃ শক্তি আৰু গৃহ বিভাগৰ প্ৰশ্নসমূহ আজি উত্থাপিত হয় সদনত । প্ৰশ্নোত্তৰ কাল অন্ত পৰাৰ পিছতে বিৰোধী পক্ষই সন্মিলিতভাৱে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে । কংগ্ৰেছ(Congress) আৰু এআইইউডিএফ(AIUDF)ৰ পক্ষৰ পৰা দুখন আৰু চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ফালৰ পৰা এখন মুঠ তিনিখন সভা স্থগিত প্ৰস্তাৱৰ জাননী অধ্যক্ষক দাখিল কৰা হয় ৷