গুৱাহাটী,১ নৱেম্বৰ : চি বি এচ ই ফাৰ ইষ্ট জ'নেল চেম্পিয়নশ্বিপত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ কেইবাখনো বিদ্যালয়ে । বিগত ২৭ অক্টোবৰ পৰা ২৯ অক্টোবৰলৈ ছত্তিশগড়ৰ ৰায়পুৰত অনুস্থিত হৈছিল ফাৰ ইষ্ট জ'নেল চেম্পিয়নশ্বিপ । য'ত গুৱাহাটী মহানগৰীৰ মাৰিয়া মন্টেচৰি বিদ্যালয়কে আদি কৰি ৰাজ্যৰ বহুকেইখন বিদ্যালয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
ফাৰ ইষ্ট জ'নেল চেম্পিয়নশ্বিপৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা স্কেটিং প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ মাৰিয়া মন্টেশ্বৰী বিদ্য়ালয়ৰ ছাত্র হিমানীষ চৌধুৰীয়ে ৫০০ মিটাৰ আৰু ১০০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । ইফালে মৰ্হষী বিদ্যামন্দিৰ ছাত্র প্ৰাচুৰ্য বৰুৱাই এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । সমান্তৰালভাৱে স্কেটিঙত ডিব্ৰুগড় শিক্ষা ভেলীৰ এগৰাকী ছাত্রী সুদীপ্তা ফুকনে এটা স্বৰ্ণ পদকেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।