নিউজ ডেস্ক, 20 জানুৱাৰী: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আহিছে আৰু এটা ভাল খবৰ ৷ আগন্তুক শ্বুটিং বিশ্বকাপত ভাগ ল'বলগীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হৈছে ইতিমধ্যে তাৰকা শ্বুটাৰৰূপে পৰিচিত হৈ পৰা সুযোগ্য অসম সন্তান হৃদয় হাজৰিকাই(Shooter Hriday Hazarika) ৷
ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ'ব আই এছ এছ এফ বিশ্বকাপ(ISSF World Cup 2023) ৷ এই বিশ্বকাপ অনুষ্ঠিত হ'ব আগন্তুক ফেব্ৰুৱাৰী মাহত ৷ ইতিমধ্যে দেশৰ এগৰাকী আগশাৰীৰ শ্বুটাৰ হিচাপে পৰিচিত হৈ পৰা হৃদয় হাজৰিকাই বিশ্বকাপত ভাৰতীয় দলৰ হৈ একক, দলীয় আৰু মিক্সড ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰিব ৷
সম্প্ৰতি নতুন দিল্লীৰ নেচনেল চেন্টাৰ অৱ এক্সিলেন্সত(National Centre of Excellence) প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ থকা হৃদয় হাজৰিকা এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে আগন্তুক বিশ্বকাপৰ বাবে নিজকে শক্তিশালী ৰূপত সাজু কৰি তোলাত ৷ উল্লেখযোগ্য যে, আগন্তুক বিশ্বকাপত মিক্সড শাখাত হৃদয়ৰ সহযোগী হিচাপে থাকিব দেশৰ আন এগৰাকী আগশাৰীৰ শ্বুটাৰ তিলোত্তমা সেন ৷
ক্ৰীড়াপ্ৰেমীৰ অৱগত যে, ইতিমধ্যে 16 টাকৈ জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা আৰু তিনিটাকৈ বিশ্ব অভিলেখৰ গৰাকী হৃদয় হাজৰিকা সম্প্ৰতি শ্বুটিঙৰ ভাৰতীয় ৰেংকিঙত শীৰ্ষ স্থানত আছে ৷ শ্বুটিঙৰ ক্ষেত্ৰখনত হৃদয় হাজৰিকাই হৈছে একমাত্ৰ অসমীয়া খেলুৱৈ, যিয়ে ইমানখিনি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে(Assam shooter Hriday Hazarika) ৷