অসম

assam

ETV Bharat / state

কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈৰ সিদ্ধান্থই আঞ্চলিকতাবাদক শক্তি দিছে - অসম জাতীয় পৰিষদ

অখিল গগৈৰ নেতৃত্বাধীন কৃষকমুক্তি সংগ্ৰাম সমিতিৰ ঔৰষত জন্মলাভ কৰা ৰাইজৰ দলে শেহতীয়াকৈ ঘোষণা কৰিছে যে, 2021 বৰ্ষৰ নিৰ্বাচনত কাৰাগৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব প্ৰদান কৰাই নহয় নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব অখিল গগৈয়ে ৷ সম্প্ৰতি দেশদ্ৰোহিতাৰ অপৰাধত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে অখিল গগৈক ৷

Assam's regional forces get booster as Akhil Gogoi to contest April polls from jail
কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈৰ সিদ্ধান্থই আঞ্চলিকতাবাদক শক্তি দিছে

By

Published : Jan 18, 2021, 10:00 PM IST

নিউজ ডেস্ক, 18 জানুৱাৰী : আগন্তুক 2021 বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে কাৰাগাৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্তই অসমৰ পৰা বিজেপিক উৎখাত কৰিব বিচৰা আঞ্চলিকতাবাদী দলসমূহক শক্তি প্ৰদান কৰিছে ৷ অখিল গগৈৰ নেতৃত্বাধীন কৃষকমুক্তি সংগ্ৰাম সমিতিৰ ঔৰষত জন্মলাভ কৰা ৰাইজৰ দলে শেহতীয়াকৈ ঘোষণা কৰিছে যে, 2021 বৰ্ষৰ নিৰ্বাচনত কাৰাগৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব প্ৰদান কৰাই নহয় নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব অখিল গগৈয়ে ৷ সম্প্ৰতি দেশদ্ৰোহিতাৰ অপৰাধত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে অখিল গগৈক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতেই জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

ইয়াতে এই কথা উল্লেখ কৰিব লাগিব যে, অসম জাতীয় পৰিষদৰ সৈতে একেলগে আগন্তুক নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰাৰ কথাটোৱে আঞ্চলিক ৰাজনৈতিক দলসমূহক কিছু পৰিমানে হ’লেও আঘাত কৰিছে ৷ অসম জাতীয় পৰিষদ দলক নেতৃত্ব প্ৰদান কৰিছে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ অখিল গগৈয়ে শিৱসাগৰ আৰু টীয়ক এই দুই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ ইয়াৰ পৰাই 2005 চনত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰিছিল অখিল গগৈয়ে ৷ অখিল গগৈৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতা সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই কয়, "অকিল গগৈ কাৰাগাৰত থকা বাবে যদিও আমি কিছু অসুবিধাৰ সন্মুখীন হৈছো কিন্তু আমি আশা কৰো কাৰাবন্দী অখিল গগৈয়ে ৰাইজৰ দলৰ সকলো সদ্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিব ৷"

আৰক্ষীৰ জিম্মাত অখিল গগৈ

শইকীয়াই আৰু কয়, অসমৰ ৰাইজে জানে শাসকীয় চৰকাৰখনে অখিল গগৈক কিয় কাৰাবন্দী কৰি ৰাখিছে ৷ তেওঁক মুকলি কৰি দিয়াৰ কোনো সম্ভাৱনা নাই ৷ আমি অখিল গগৈৰ সৈতে আগুৱাই যাম ৷ চৰকাৰখনে ভয় খাইছে যাৰ বাবে 23 জানুৱাৰীত শিৱসাগৰত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিক হাইদৰ হুছেইনে কয়, অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সিদ্ধান্তই নিশ্চিতভাৱে অসমৰ আঞ্চলিক শক্তিসমূহৰ ওপৰত প্ৰভাৱ পেলাব ৷ কাৰাগাৰৰ পৰা কোনো লোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ ঘটনা অসমত এইটোৱেই প্ৰথম ৷ 1952 চনত চি পি আই নেতা গৌৰী শংকৰ ভট্টাচাৰ্যই কাৰাগাৰৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল যদিও নিৰ্বাচনৰ পূৰ্বে তেখেতক মুকলি কৰি দিয়া হয় ৷

অখিল গগৈক মুক্তিৰ দাবীত প্ৰতিবাদকাৰীৰ শ্ল’গান

"নিয়াই কৈছে যে মাওবাদীৰে অখিল গৈগৰ সম্বন্ধ থকা সন্দৰ্ভত তেওঁলোকৰ হাতত 18 দফিয়া তথ্য আছে ৷ ইয়াৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হ’বলৈ বাকী ৷ আমি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ অপেক্ষা কৰি আছো ৷ ভাৰতীয় আইনত এজন লোক দোষী বুলি প্ৰমাণিত নোহোৱা পৰ্যন্ত তেওঁক নিৰ্দোষী আখ্যা দিয়া হয় ৷ গতিকে তেওঁ দোষী বুলি প্ৰমাণিত নোহোৱা পৰ্যন্ত অখিল গগৈয়ে কাৰাগাৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব ৷" অখিল গগৈৰ অধিৱক্তা কৃষ্ণ গগৈয়ে এই মন্তব্য কৰে ৷

কা আন্দোলনত অখিল গগৈ

নিজৰ সৰলতাৰ বাবে অখিল গগৈ আৰু তেওঁৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অসমৰ বিভিন্ন জিলাত পৰ্যাপ্ত জন আধাৰ আছে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়তো অখিল গগৈৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল ৷ অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদৰ বাবেই কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণকাৰ্য স্থগিত ৰাখিবলৈ বাধ্য হৈছে ৷ বিশিষ্ট কৃষক নেতাগৰাকী কাৰাবন্দী হৈ থকাৰ সময়তেই এতিয়া আগন্তুক নিৰ্বাচনত এজেপি আৰু ৰাইজৰ দলে মিত্ৰতা কৰাৰ সম্ভাৱনা আছে ৷

কা আন্দোলনত অখিল গগৈ

উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্যজুৰি চলা ‘কা’ আন্দেলনৰ সময়তেই অখিল গগৈৰ বিৰুদ্ধে চানমাৰি থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল যি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰা হয় ৷ অখিল গগৈক বেআইনী কাৰ্যকলাপ(প্ৰতিৰোধ) আইন, দোশদ্ৰোহী, অপৰাধী ষড়যন্ত্ৰ, আৰু উগ্ৰপন্থী সংগঠনেৰে মিত্ৰতা কৰাৰ অভিযোগ আটক কৰা হৈছিল ৷ 2019 বৰ্ষৰ 12 ডিচেম্বৰত আটক কৰা হৈছিল কৃষক নেতাগৰাকীক ৷ ইয়াৰ পিছতেই তেওঁক 17 ডিচেম্বৰত 10 দিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷ 17 ডিচেম্বৰৰ দিনটোতেই তেওঁক সোধ-পোচৰ বাবে দিল্লী নিয়া হৈছিল ৷ আৰু দিল্লীৰ পৰা ওভটাৰ পিছত 2019 বৰ্ষৰ 25 ডিচেম্বৰৰ পৰা তেওঁক ন্যায়িক জিম্মাত ৰখা হৈছে ৷

লগতে পঢ়ক-ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ

ABOUT THE AUTHOR

...view details