অসম

assam

অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

By

Published : Dec 4, 2020, 10:20 PM IST

কেন্দ্ৰীয় কৃষি মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ কৃষক ৰাইজৰ পৰা এই ধান ক্ৰয় কৰিব ছটাকৈ প্ৰতিষ্ঠানে । চাউলৰ হিচাপত এই পৰিমাণ হব ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন ।কিন্তু অসমৰ কৃষকৰ পথাৰত উৎপাদিত ধানৰ আদ্ৰতা ১৭ শতাংশ হৈ নুঠাৰ বাবে চলিত মাহৰ শেষৰ ভাগৰ পৰাহে আৰম্ভ হব এই ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ।

assam's paddy procurement by centre
অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

গুৱাহাটী, ৪ নৱেম্বৰঃ পথাৰৰ পৰা সোণগুটি চপোৱা এই আঘোণৰ বতৰতে অসমৰ কৃষকৰ পৰা চৰকাৰে যথোচিত মূল্য দি ক্ৰয় কৰিব ৫ লাখ ৩৭ হাজাৰ মেট্ৰিক টন ধান । ইয়াৰ বাবে চৰকাৰী ভাবে প্ৰতি কুইন্টল ধানৰ ন্যুনতম সমৰ্থন মূল্য ধাৰ্য কৰা হৈছে ১,৮৬৮ টকা । বিগত বৰ্ষত এই মূল্য আছিল ১,৮১৫ টকা ।

অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ কৃষক ৰাইজৰ পৰা এই ধান ক্ৰয় কৰিব ছটাকৈ প্ৰতিষ্ঠানে । চাউলৰ হিচাপত এই পৰিমাণ হব ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন ।

অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

এই ছটা প্ৰতিষ্ঠানে অসমৰ কৃষকৰ পৰা কিনিব লগীয়া চাউলৰ পৰিমাণ হ'লঃ ভাৰতীয় খাদ্য নিগমে ২ লাখ মেট্ৰিক টন, অসম খাদ্য আৰু অসামৰিক যোগান নিগমে ৪০ হাজাৰ মেট্ৰিক টন, "নাফেড" এ ৬০ হাজাৰ মেট্ৰিক টন, "নাক'ফ" এ ৩৫ হাজাৰ মেট্ৰিক টন, এন চি চি এফে ১৫ হাজাৰ মেট্ৰিক টন আৰু অসম কৃষি বিপণন পৰিষদে ১০ হাজাৰ মেট্ৰিক টন ।

অসমৰ কৃষকৰ পৰা ৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন চাউল কিনিব চৰকাৰে

নিয়ম অনুসৰি কৃষকৰ পৰা ন্যুনতম সমৰ্থন মূল্যত ধান কিনাৰ প্ৰক্ৰিয়া ১ অক্টোবৰতে আৰম্ভ হব লাগিছিল যদিও কেন্দ্ৰীয় কৃষি মন্ত্ৰনালয়ৰ গাইডলাইন অনুসৰি ক্ৰয় কৰা ধানৰ আদ্ৰতা ১৭ শতাংশ হব লাগিব । কিন্তু অসমৰ কৃষকৰ পথাৰত উৎপাদিত ধানৰ আদ্ৰতা সেই পৰিমানৰ এতিয়াও হৈ নুঠাৰ বাবে চলিত মাহৰ শেষৰ ভাগৰ পৰাহে আৰম্ভ হব এই ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ।

লগতে পঢ়কঃ দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ABOUT THE AUTHOR

...view details