অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক... - Assam's expectations to union budget

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Nirmala Sitharaman will present the Budget )। কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনীতি উন্নয়নৰ লগতে যোগাযোগ ব্যৱস্থা, সম্পদৰ ওপৰত ভিত্তি কৰি সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা, বান খহনীয়াৰ সমস্যা সমাধান, নিৱনুৱা সমস্যা আদিৰ ওপৰত গুৰুত্বটো দিয়াটো বিচাৰিছে অসমৰ ছাত্ৰ সংগঠনে ।

union budget
কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক

By

Published : Jan 29, 2022, 9:08 PM IST

গুৱাহাটী,২৯ জানুৱাৰী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে পহিলা ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । কিন্তু অসমৰ জনসাধাৰণৰ এই বাজেটকলৈ আশা প্ৰত্যাশা কেনেধৰণৰ (Assam's expectations to union budget) ? ইতিমধ্যে অসমৰ কেইবাটাও সংগঠনে বাজেটক লৈ তেওঁলোকৰ আশা প্ৰত্যাশা প্ৰকাশ কৰিছে ।

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ লগতে যোগাযোগ ব্যৱস্থা, সম্পদৰ ওপৰত ভিত্তি কৰি সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা, বান খহনীয়াৰ সমস্যা সমাধান, নিৱনুৱা সমস্যা আদিৰ ওপৰত গুৰুত্বটো দিয়াটো বিচাৰিছে অসমৰ ছাত্ৰ সংগঠনসমূহে । আহিবলগীয়া ২০২২-২৩ বৰ্ষৰ বাজেট সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে অসমৰ সামগ্ৰীক অৰ্থনীতি উন্নয়ন, সম্পদৰ ভিত্তিত আন্ত:গাঠনি উন্নয়নত ৰাজ্যখন আগবাঢ়ি যাব পৰা ধৰণৰ নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব পৰাকৈ প্ৰকল্পৰ প্ৰয়োজন ।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে সমগ্ৰ অসমত চাৰিলেনযুক্ত পথ হোৱা নাই । কোনোৱা স্থানত কাম আৰম্ভ হৈছে যদিও কাম লেহেমীয়া হৈছে । তদুপৰি কিছু অঞ্চল চাৰিলেনযুক্ত পথে ঢুকি পোৱা নাই । অসমত চাৰিলেনযুক্ত পথৰ কাম কেতিয়া শেষ হ'ব তাৰ বাবে নিৰ্দ্দিষ্ট সময় দিব লাগে চৰকাৰে ।

কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক...

দ্বৈত ৰেলপথ ,ইলেক্ট্ৰিক ৰে'লৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব তাৰ বাবেও নিৰ্দিষ্ট সময় দিবলৈ দাবী জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । অসমত যোগাযোগৰ ব্যৱস্থা কৰিব লাগে বুলি কোৱাটোৱে দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰি তেওঁ কয় যে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে । অসমৰ ৰাইজে সম্পদ ভিত্তিক উন্নয়নৰ ৰূপ ৰেখা জানিব বিচাৰে ।

অসমত ৫৫ শতাংশ চাহ উৎপাদন হয় । ইয়াৰ উচিত মূল্য উৎপাদকসকলে নাপায় । এই বাজেটত ইয়াৰ বাবে নিৰ্দিষ্ট সিদ্ধান্ত ল'ব লাগে বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ উপৰিও বাজেটৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰখনৰ ৰূপৰেখা কি হ'ব তাকো চাব বিচাৰিছে আছু নেতাগৰাকীয়ে ।

আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰযুক্তিৰ শিক্ষানুষ্ঠান অসমে পাব লাগে বুলিও তেওঁ দাবী কৰে । এই আহিবলগীয়া বাজেটত যোগাযোগ ব্যৱস্থা, সম্পদৰ ওপৰত ভিত্তি কৰি সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা, বান খহনীয়াৰ সমস্যাৰ ব্যৱস্থা সমগ্ৰ ব্যৱস্থাবোৰত স্পষ্ট ৰূপৰেখা আৰু কাৰ্যকৰী হ'ব পৰাকৈ কৰ্মসূচী বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক...

আনহাতে অসম জাতীয়াতবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই এই বিষয় সন্দৰ্ভত কয় যে ভাৰতবৰ্ষৰ সাম্প্ৰতিক সময়ত অৰ্থনৈতিক দিশটো একেবাৰে শোচনীয় । এইবাৰ বাজেটত অসমৰ বাবে সুস্থিৰ অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিব পৰাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পেকেজ ঘোষণা কৰিবলৈ তেওঁ আহ্বান জনায় । অসমৰ আৰ্থ সামাজিক উন্নয়ন, নিৱনুৱা সমস্যা সমাধান কৰিবলৈ মৃতপায় উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰিব পৰাকৈ কেন্দ্ৰ চৰকাৰক অৰ্থনৈতিক পেকেজ দিবলৈ পলাশ চাংমাই আহ্বান জনায় । আনহাতে নিৱনুৱা সমস্যা সমাধানৰ বাবে অঞ্চলে অঞ্চলে সৰু সৰু কুটীৰ শিল্প গঢ়ি তোলাৰ বাবে পেকেজ ঘোষণা কৰিবলৈও চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক :Akhil Gogoi Promises to Sivasagar : শিৱসাগৰ চহৰবাসীক কি কি প্ৰতিশ্ৰুতি অখিল গগৈৰ ?

ABOUT THE AUTHOR

...view details