অসম

assam

ETV Bharat / state

লক ডাউন2.0 : কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

কৰ'ণাৰ সন্ত্ৰাসৰ পৰিস্থিতিক লৈ মন বিভ্ৰান্ত হৈছে অসমীয়া সাহিত্য জগতৰ বিশিষ্ট লেখক-উপন্যাসিকসকলৰো ৷ লক ডাউনৰ সময়ছোৱাত বহুলোকে নিজৰ নিজৰ সৃষ্টিশীল কামত জড়িত হৈ পৰিছে যদিও কিছুসংখ্যক লেখক-সাহিত্যিকে হাতত কলম তুলি ল’বলৈ সাহস কৰিব পৰা নাই আৰু কিছুমানে নিজৰ ন-ন সৃষ্টিত ব্যস্ত হৈ পৰিছে ৷

কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?
কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

By

Published : Apr 21, 2020, 5:28 PM IST

গুৱাহাটী,21 এপ্ৰিল : সমগ্ৰ দেশজুৰি চলি থকা লক ডাউনৰ সময়ছোৱাত বিভিন্ন লোকে নিজৰ নিজৰ সৃষ্টিমূলক কামত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে ৷ কিছুসংখ্যক লেখকে নিজৰ নিজৰ ন-ন লিখনিত ব্যস্ত হৈ পৰিছে যদিও কিছুমানে হাতত কলম তুলি ল’বলৈ সাহস কৰিব পৰা নাই ৷ এই সন্দৰ্ভত চ’ছিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷

কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

কোভিড-19ৰ এই ভয়াৱহ পৰিস্থিতিৰ কথা ভাবি হাতত কলম তুলি লোৱাৰ পৰা বিৰত হৈছে বিশিষ্ট উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য ৷ বিশ্বব্যাপী মহামাৰী কৰ’ণাই যি সংহাৰী ৰূপ ধাৰণ কৰি আছে সেই ভয়াৱহ ছবিয়ে মন হাহাকাৰ কৰি তুলিছে তেওঁৰ ৷ ইয়াৰ বিপৰীতে তেওঁ বিশ্বৰ আগশাৰীৰ লেখকৰ আত্মজীৱনী পঢ়ি, চিনেমা চাই সময় অতিবাহিত কৰিছে বুলি চ’ছিয়েল মিডিয়াৰ যোগেদি ‘বৰদোৱানী’ৰ শ্ৰষ্টাগৰাকীয়ে সদৰী কৰে ৷

কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

ইফালে, বিশিষ্ট কবি নীলিম কুমাৰেতেওঁৰ মনৰ ভাৱ ব্যক্ত কৰে যে, এই লক ডাউনৰ সময়ছোৱাত তেওঁ শৰীৰ চৰ্চা কৰি,কবিতা লিখি,ছবি আঁকি,গান শুনি সময় অতিবাহিত কৰিছে ৷ পেচাত এগৰাকী চিকিৎসক হোৱা হেতুকে তেওঁ কৰ্মসূত্ৰে চিকিৎসালয়লৈ যায় আৰু নিজৰ পৰিয়ালৰ সৈতে সময় কটায় ৷ সৃষ্টিশীল এক কৰ্মৰ মাজেৰেই লক ডাউনৰ সময়বোৰ পাৰ কৰিছে কবি নীলিম কুমাৰে ৷

কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

অসমীয়া সাহিত্য জগতৰ বিশিষ্ট উপন্যাসিকঅনুৰাধা শৰ্মা পূজাৰীয়েও লক ডাউনৰ সময়ছোৱাত সৃষ্টিশীল কৰ্মত ব্যস্ত হৈ আছে বুলি জানিবলৈ দিয়ে ৷ লগতে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰিছে আৰু পৰিয়ালৰ সৈতে সময় কটাইছে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷

কি কৰিছে ৰাজ্যৰ বিশিষ্ট লেখক-উপন্যাসিকসকলে ?

একেদৰে,বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়েও লক ডাউনৰ সময়ত অতিবাহিত কৰা সময়ৰ বিষয়ে অৱগত কৰিছে ৷ তেওঁ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাইছে আৰু লগতে সমান্তৰালভাৱে গ্ৰন্থ লিখি আৰু গ্ৰন্থ অধ্যয়ন কৰিও সময় পাৰ কৰিছে লেখকগৰাকীয়ে ৷ উল্লেখ্য যে, এই লক ডাউনৰ সময়ত তেওঁ কৰ’ণা ভাইৰাছৰ ওপৰত ইতিমধ্যে 3টা কবিতা লিখি উলিয়াইছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ এই সময়ছোৱাত তেওঁ তেওঁৰ কবিতাপুথি ‘আত্মজীৱনী’ৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু এই কবিতা পুথিখন চলিত বছৰৰ শেষৰ ফালে প্ৰকাশ কৰিব বুলি জনায় ৷

লগতে পঢ়ক : ৰাজ্যলৈ এপ্ৰিল মাহৰ বাবে 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ

ABOUT THE AUTHOR

...view details