অসম

assam

ETV Bharat / state

Padmanav Bordoloi: তুঝে দেখা তো য়ে জানা চনম গীতটো গাওতে শ্বাহৰুখ খানে কি কৈছিল পদ্মনাভ বৰদলৈক ? - শ্বাহৰুখ খান

তুঝে দেখা তো য়ে জানা চনম গীতটো গাওতে শ্বাহৰুখ খানে কি কৈছিল কণ্ঠশিল্পী পদ্মনাভ বৰদলৈক । বন্দুক লোৱা জেগাৰ পৰা অহা বুলি ইতিকিং কৰা লোকসকলক কেনেদৰে প্ৰত্যুত্তৰ দিছিল কণ্ঠশিল্পীগৰাকীয়ে ?

Assamese singer Padmanav Bordoloi special interview with ETV Bharat
পদ্মনাভ বৰদলৈৰ A টু Z

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:15 PM IST

পদ্মনাভ বৰদলৈৰ A টু Z

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: সংগীতক্ষেত্ৰত এক সুকীয়া পৰিচয় আছে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ । সা ৰে গা মা পা, ইণ্ডিয়ান আইডল আদিকে ধৰি বহু কেইটা ৰিয়েলিটি শ্ব’ত অসমক প্ৰতিনিধিত্ব কৰিছে কণ্ঠশিল্পীগৰাকীয়ে । ৰিয়েলিটি শ্ব’ " ইণ্ডিয়ান আইডল"ত অসমৰ পৰা প্ৰথমগৰাকী ফাইনেলিষ্ট হৈছিল পদ্মনাভ বৰদলৈ । আনহাতে সা ৰে গা মা পাৰ টপ ৮ (TOP 8) ফাইনেলিষ্ট আছিল কণ্ঠশিল্পীগৰাকী।

দ্বাদশ শ্ৰেণীত পঢ়ি থাকোঁতেই ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ বাবে নিৰ্বাচিত হৈছিল । ৰিয়েলিটি শ্ব’ সমূহত অংশগ্ৰহণ কৰোতে তেওঁ সান্নিধ্য লাভ কৰিছিল বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতেই বলিউডৰ বহু অভিনেতা- অভিনেত্ৰীক । সান্নিধ্য লাভ কৰিছিল শ্বাহৰুখ খানৰো । শেহতীয়াকৈ ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ নিজৰ সংগীত যাত্ৰাৰ বিষয়ে বহু কথা প্ৰকাশ কৰে ৷

তেওঁ ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত কয়- ‘‘মই যিহেতু প্ৰথমতে এগৰাকী কণ্ঠশিল্পী সেয়ে মোৰ হেঁপাহ আছিল যিসকল স্বনাম ধন্য শিল্পী আছে তেওঁলোকক ওচৰৰ পৰা লগ পোৱাৰ। সেই সপোন মোৰ পূৰণ হৈছেল । বহু কেইগৰাকী স্বনামধন্য কণ্ঠশিল্পীক মই ওচৰৰ পৰা তাত লগ পাইছিলোঁ । বহিঃৰাজ্যৰো বহু প্ৰতিযোগীক লগ পাইছিলোঁ । তেওঁলোকৰ পৰাও বহু কথা শিকিব পাইছিলোঁ ।

পদ্মনাভ বৰদলৈয়ে কয়,‘‘ ২০০৭ চনত ইণ্ডিয়ান আইডলত অংশগ্ৰহণ কৰিবলৈ যাওঁতে দিল্লীৰ ধ্যানচন্দ ষ্টেডিয়ামত, কেইগৰাকীমান লোকে কণ্ঠশিল্পীগৰাকীক বন্দুক লোৱা ঠাইৰ পৰা অহা বুলি ইতিকিং কৰিছিল । সেই সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয়,‘‘দিল্লীৰ ধ্যান চন্দ ষ্টেডিয়ামত অডিশ্বনৰ বাবে শাৰী পাতি থাকোঁতে, কেইগৰাকীমান অনা অসমীয়া লোকে মোক ঘেৰাও কৰি লৈ ক’ৰ পৰা আহিছোঁ বুলি প্ৰশ্ন কৰিছিল। যেতিয়া মই অসমৰ পৰা যোৱা বুলি কৈছিলো, তেতিয়া মোক বন্দুক লোৱা ঠাইৰ পৰা অহা বুলি ইতিকিং কৰিছিল । মই তেতিয়া উত্তৰ দিছিলোঁ হয় মই বন্দুক লৈ আহিছোঁ, কেৱল মোৰ বন্দুকটো ডিঙিত আছে।’’ এনেদৰে প্ৰত্যুত্তৰ দিছিল কণ্ঠশিল্পীগৰাকীয়ে।

ইয়াৰ পিচতে যেতিয়া পদ্মনাভ বৰদলৈৰ গীত সেই ইতিকিং কৰা লোকসকলে শুনিবলৈ পাইছিল তেতিয়া তেওঁলোকে নিজে নিজৰ ভুল স্বীকাৰ কৰিছিল আৰু কৈছিল আপুনি এজন প্ৰকৃত শিল্পী ৷

লগতে পঢ়ক:Life of an Artist: জীৱনৰ বিয়লি বেলা এধানি সহায় বিচাৰি চকুলো টুকিছে এইগৰাকী সংস্কৃতিৰ সাধকে

ABOUT THE AUTHOR

...view details