অসম

assam

ETV Bharat / state

এতিয়া বিতৰ্কত এখন নতুন অসমীয়া ধাৰাবাহিক - assamese serial begam jaan controversies

এখন অসমীয়া ধাৰাবাহিকে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য ৷ ধাৰাবাহিকখন বন্ধ হ'ব বুলি বহুজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে হিন্দু জাগৰণ মঞ্চৰ দৰে সংগঠনে ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে দাবী তুলিছে ৷

এখন অসমীয়া ধাৰাবাহিক

By

Published : Jul 8, 2020, 8:10 PM IST

গুৱাহাটী,8জুলাইঃএটা ব্যক্তিগত টেলিভিছন চেনেলত প্ৰচাৰিত এখন ধাৰাবাহিকক লৈ একাংশই তোলপাৰ লগাইছে ৰাজ্য ৷ হিন্দু মুছলমানৰ সম্প্ৰীতিক লৈ নিৰ্মাণ হোৱা ধাৰাবাহিক খনক লৈ ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে বহু দল সংগঠনে ৷ বিশেষকৈ সামাজিক মাধ্যমত ধাৰাবাহিকখন বৰ্জন কৰিব লাগে বুলি বহুতে মত ব্যক্ত কৰিছে ৷ এনে বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে ধাৰাবাহিকখনৰ নায়িকা প্ৰীতি কংকনাই ৷ কিন্ত ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে আঁকোৰগোজ স্থিতি লৈছে সংগঠন সমূহে ৷ তেওঁলোকৰ অভিযোগ এনে ধাৰাবাহিকে এটা সম্প্ৰদায়ক উৎসাহিত কৰিব ৷ সেয়ে ধাৰাবহিকখন বন্ধ কৰিব লাগে বুলি দাবী তুলে হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সম্পাদক ৰূপজিত দাসে ৷

অসমীয়া ধাৰাবাহিকক লৈ ক্ষোভ
ধাৰাবাহিক খনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ যুৱ নেতা সত্যৰঞ্জন বৰাই ৷ ধাৰাবাহিখন অতি শীঘ্ৰে বন্ধ কৰিবলৈও সকীয়াই দিয়ে আৰু যদিহে ধাৰাবাহিকখন প্ৰচাৰ কৰিব লগা হয় তেনেহলে হিন্দু সংস্কৃতি হিন্দু সভ্যতাক প্ৰাধান্য দিহে প্ৰচাৰ কৰিব পাৰিব বুলি কয় সত্যৰঞ্জন বৰাই ৷ বেগমজান নামৰ এই ধাৰাবাহিকখনৰ কাহিনীয়ে এতিয়া ক্ষোভৰ উদ্গীৰণ ঘটাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ দল সংগঠনৰ এনে সকীয়নিৰ পাছত কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ৷

ABOUT THE AUTHOR

...view details