গুৱাহাটী, ২ ছেপ্টেম্বৰ :মানুহৰ বিকাশ বিচাৰি কবিতাৰে সমৃদ্ধ জীৱন সামৰি চিৰবিদায় মাগিলে বিশিষ্ট কবি, সাহিত্য অকাডেমী বিজয়ী ৰবীন্দ্ৰ সৰকাৰে । যোৱা নিশা ২:৩০ বজাত তেওঁ কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে । ১৯৪১ চনৰ ৭ আগষ্টত জন্ম গ্ৰহণ কৰা অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যশিল্পী, অনুবাদক আছিল ৰবীন্দ্ৰ সৰকাৰ ।
অসমীয়া ভাষাৰ লগতে বঙালী ভাষাতো সাহিত্য চৰ্চা কৰিছিল ৰবীন্দ্ৰ সৰকাৰে ৷ সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই এক শোকবাৰ্তাত অসমীয়া ভাষা-সাহিত্যলৈ ৰবীন্দ্ৰ সৰকাৰে আগবঢ়োৱা বিশিষ্ট অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
সৰকাৰক অসমীয়া আৰু বাংলা সমাজৰ সমন্বয়ৰ প্ৰতীক আখ্যা দিয়ে । ২০১৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা ৰবীন্দ্ৰ সৰকাৰৰ ‘‘ধূলিয়ৰি ভৰিৰ সাঁচ’’ কাব্যগ্ৰন্থখন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য সৃষ্টি বুলি মন্তব্য কৰে সভাপতি ড৹ হাজৰিকাই ।
সত্তৰ দশকৰ পৰা ৰবীন্দ্ৰ সৰকাৰে কাব্য চৰ্চাৰে অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰিছিল । জনচেতনা আৰু মানুহৰ জয়গান আছিল ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ চিৰন্তন বিষয় বস্তু । ২০১৩ চনত ‘‘ধূলিয়ৰি ভৰিৰ সাঁচ’’ নামৰ অসমীয়া কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ৰবীন্দ্ৰ সৰকাৰলৈ ।
অসমৰ গুৱাহাটীতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা জীৱনৰ পাতনি মেলে ৰবীন্দ্ৰ সৰকাৰে ৷ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৬০ চনত ইণ্টাৰমিডিয়েট পৰীক্ষা উত্তীৰ্ণ হৈ তেতিয়াৰ কলকাতা বিশ্ববিদ্যালয় অধীনস্থ দমদম মতিঝীল কলেজত নামভৰ্তি কৰে ৷