গুৱাহাটী,27 জানুৱাৰী : নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক শুভবাৰ্তা । ক’ৰণাৰ ভয়াৱহতাৰ পাচত অসমীয়া চলচ্চিত্ৰ জগতলৈ গতিশীলতা অনাৰ অন্যতম প্ৰয়াস হিচাপে বুধবাৰে গুৱাহাটীস্থিত অনুৰাধা ছবিগৃহত উদ্বোধনী প্ৰদৰ্শন হয় ব্যতিক্ৰমী ধাৰাৰ অসমীয়া ছবি ‘মিডনাইট চং’ৰ । ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
ইতিমধ্যে দেশ-বিদেশৰ 22 টাকৈ চলচ্চিত্ৰ মহোৎসৱত বহু সন্মান লাভেৰে ব্যাপক সমাদৰ পাই চলচ্চিত্ৰ প্ৰেমীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ছবিখন । বহু প্ৰত্যাশাৰে এইবাৰ দৰ্শকৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে অৰুণজিত বৰা পৰিচালিত ‘মিডনাইট ছং’ ছবিখন । ছবিখনৰ প্ৰয়োজনা কৰিছে অপৰাজিতা ভূঞাই ।
উল্লেখ্য যে,ছবিখনত ব্যৱহৃত হৈছে মাত্ৰ এটি গীত আৰু সেই গীতটিক কেন্দ্ৰ কৰিয়েই আগবাঢ়িছে ছবিৰ কাহিনী । মিডনাইট চং-ৰ সংগীত সজাইছে হলিউডৰ প্ৰসিদ্ধ শিল্পী মেগন ৰ’জ স্কটে । ‘শেষ হয় যেন আকাশ'’ শীৰ্ষক গীতটি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰস্তুত কৰা হৈছে আৰু গীতটিত কণ্ঠ নিগৰাইছে মেগান স্ক’ট আৰু জুবলী বৰুৱাই ।
অৰুণজিত বৰা আৰু ৰাজদ্বীপৰ সংলাপেৰে আগবঢ়া মিডনাইট চং ছবিখনে বুটলিছে নিউয়ৰ্ক চিনেমেট’গ্ৰাফী বঁটা, শ্ৰেষ্ঠ ছবি নিৰ্মাতা বঁটা ৷ ছবিখন শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ খিতাপেৰে বষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনীত হয় ৷ লগতে ড্ৰাক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালক আৰু ইটালীত ফ্লৰেন্স চলচ্চিত্ৰ বঁটা লাভ কৰে এই ছবিখনে ৷