অসম

assam

By

Published : Apr 18, 2019, 2:47 PM IST

ETV Bharat / state

ঘৰৰ পৰা পলাই গৈ বিহু নাচিছিল ৰীমা দাসে

অসমখনক খুব ভাল পোৱা বাবেই তেওঁৰ প্ৰতিখন চিনেমাত অসমীয়া কৃষ্টি-সংস্কৃতিক দাঙি ধৰিবলৈ প্ৰয়াস কৰে বুলি মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালিকা ৰীমা দাসে ৷ অসমৰ পটভূমিত আৰু দুটা নতুন পৰিকল্পনা থকাৰ কথা ক'লে ৰীমা দাসে ।

অস্কাৰ মনোনীত ৰীমা দাস

গুৱাহাটী, ১৮ এপ্ৰিলঃ অস্কাৰ মনোনীত অসমীয়া ছবি পৰিচালিকা ৰীমা দাসে অসমবাসীলৈ জনালে বিহুৰ শুভেচ্ছা । লগতে পৰিচালিকাগৰাকীয়ে ব্যক্ত কৰিলে বিহুৰ লগত জড়িত অভিজ্ঞতা । বিহুৰ লগত তেওঁৰ সম্পৰ্ক অতিকৈ আপোন বুলি কয় পৰিচালিকাগৰাকীয়ে । যাৰ বাবে সৰু কালতেই ঘৰৰ পৰা পলাই গৈ বিহু নাচিছিল ৰীমা দাসে । অসমখনক খুব ভাল পোৱা বাবেই তেওঁৰ প্ৰতিখন চিনেমাত অসমীয়া কৃষ্টি-সংস্কৃতিক দাঙি ধৰিবলৈ প্ৰয়াস কৰে বুলি মন্তব্য কৰে পৰিচালিকাগৰাকীয়ে । আনহাতে, ই টিভি ভাৰত অসমৰ এক আছুতীয়া সাক্ষাৎকাৰত অসমৰ পটভূমিত আৰু দুটা নতুন পৰিকল্পনা থকাৰ কথা ক'লে ৰীমা দাসে ।

অস্কাৰ মনোনীত ৰীমা দাস

ABOUT THE AUTHOR

...view details