অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ উজলিল অসমীয়া কথাছবি - International Forest Conservation Film Festival

ইউৰোপ মহাদেশৰ হাংগেৰীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত পুৰস্কৃত হয় The Man Who Speaks Nature নামৰ চুটি কথাছবিখন ৷ কথাছবিখনৰ পৰিচালক ধৃতিমান কাকতিয়ে টেলিফোনযোগে এইকথা জনাইছে ইটিভি ভাৰতক ৷

The Man Who Speaks Nature

By

Published : May 26, 2019, 8:49 AM IST

গুৱাহাটী, 26 মেঃ আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ উজলি উঠিবলৈ সক্ষম হৈছে অসমীয়া কথাছবি ৷ এইবাৰ ইউৰোপ মহাদেশত উজলি উঠিবলৈ সক্ষম হৈছে অসমীয়া চুটি ছবি ৷ পৰিৱেশ সংৰক্ষণ বিষয়ত এইদৰে আন্তঃৰাষ্ট্ৰীয় স্তৰত উজলি উঠিবলৈ সক্ষম হোৱা চুটি ছবিখন হৈছে "The Man Who Speaks Nature" ৷

ইউৰোপ মহাদেশৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰ পৰা 30 কিলোমিটাৰ নিলগৰ গদল' চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনৰ পৰিচালক ধৃতিমান কাকতিয়ে বঁটা গ্ৰহণ কৰি এই কথা টেলিফোনযোগে ইটিভি ভাৰতক জনাইছে ৷ কাজিৰঙাৰ পৰিৱেশকৰ্মী মনোজ গগৈৰ পৰিৱেশ সংৰক্ষণৰ ওপৰত নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিছিল বোকাখাতৰ যুৱক ধৃতিমান হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details