গুৱাহাটী, ২৫ ছেপ্টেম্বৰ :পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম তিথিৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সমগ্ৰ ৰচনাকৃতি একত্ৰিত কৰি ১৫ টা খণ্ডত প্ৰকাশিত ‘দীনদয়াল উপাধ্যায় ৰচনাসমগ্র'ৰ অসমীয়া সংস্কৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ উল্লেখ্য যে, মূল হিন্দীত ড° মহেশ চন্দ্ৰ শৰ্মাৰ দ্বাৰা সংকলিত আৰু সম্পাদিত এই ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণৰ অনুবাদকৰ্মৰ ভাষা পুনৰীক্ষণৰ লগতে সম্পাদনাৰ দায়িত্ব বহন কৰিছে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্রণেতা সুমন্ত চলিহাই ৷
আনহাতে এই সংকলনটো প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে ৷ গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাম্প্ৰতিক ভাৰতৰ ৰাজনীতিৰ মুখ্য ধাৰাটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ চিন্তাৰে প্ৰৱাহিত হৈছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে জাতিৰ পিতা মহাত্মা গান্ধী, ৰামমনোহৰ লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ে পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতাৰ মূল্যবোধৰ আধাৰত দেশৰ ভূমিত তিনিটা ৰাজনৈতিক ধাৰা মৌলিক চিন্তাৰে উদ্ভাষিত কৰিছিল ৷ আজি প্রকাশিত এই ৰচনাসমগ্রই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনৰাজিৰ বিস্তৃতভাৱে জনাৰ সুযোগ প্রদান কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পণ্ডিত উপাধ্যায় আছিল ইতিহাস আৰু আৰ্থ-সাংস্কৃতিক- ৰাজনৈতিক চেতনাৰে পৰিপূৰ্ণ এজন ক্ষণজন্মা পুৰুষ আৰু তেখেতৰ জীৱন আৰু কৰ্মসাধনা সমাজৰ বাবে এক আদৰ্শ ৰূপত উজলি আছে ৷
প্রসংগক্ৰমে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে সমাজৰ শেষৰজন ব্যক্তিকো উপকৃত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আন আন জনকল্যাণমুখী কাম-কাজৰ সমান্তৰালকৈ বিদ্যায়তনিক কাম- কাজো অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অনুষ্ঠানত সদৰী কৰে যে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি সামৰি মূল ইংৰাজী ভাষাত লিখা গ্ৰন্থখন অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাৰতৰ ২৪ টা ভাষালৈ অনুবাদ কৰা কাৰ্য সম্প্ৰতি তীব্ৰ গতিত চলি আছে ৷ আগন্তুক কেইটামান মাহৰ ভিতৰতে এই গ্ৰন্থখন দেশৰ বিভিন্ন ৰাজ্যত উন্মোচন কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে বুলিও সদৰী কৰি তেওঁ কয় যে এই কাৰ্যৰ দ্বাৰা সংশ্লিষ্ট ৰাজ্যৰ লোকসকলে নিজ ভাষাতে মহাবীৰ লাচিত বিষয়ে জনাৰ সুযোগ লাভ কৰিব ৷