নিউজ ডেস্ক,৫ডিচেম্বৰ : অসমৰ বাবে এটা সুখবৰ৷ উদীয়মান নাট্যকাৰ, পৰিচালক হিয়া অনুপমৰ ৰচনা আৰু পৰিচালনাৰ 'ASMR' নাটক নিৰ্বাচিত হৈছে দেশৰ অন্যতম অপেছাদাৰী নাটকৰ অনুষ্ঠান 'THESPO'ৰ প্ৰাক্ ৰূপালী জয়ন্তী বৰ্ষৰ নাট মহোৎসৱৰ বাবে (THESPO silver jubilee)।
ৰূপায়ী জয়ন্তী বৰ্ষৰ দিশে গতি কৰা 'THESPO'য়ে প্ৰাক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰিছে এক বিশাল নাট্য মহোৎসৱ ৷ য'ত প্ৰদৰ্শন কৰা হ’ব দেশৰ ভিন্ন প্ৰান্তৰ 25 বছৰ অনুৰ্ধৰ উদীয়মান নাট্যকাৰ, পৰিচালকৰ নাটক ৷ 'THESPO' প্ৰাক ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এই নাট মহোৎসৱৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ ১১৭ খন নাটক পঞ্জীয়ন কৰা হৈছিল ৷ উক্ত 117 খন নাটকৰ মাজৰ পৰা নিৰ্বাচিত ৫ খন নাটক ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে ৷ নিৰ্বাচিত নাটক 5 খন ৬ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ প্ৰদৰ্শন কৰা হ’ব ।
দেশৰ ভিন্ন প্ৰান্তৰ 25 বছৰ অনুৰ্ধৰ নাট্যকাৰ-পৰিচালকৰ নিৰ্বাচিত 5 খন নাটৰ ভিতৰত স্থান লাভ কৰিছে অসমকন্যা হিয়া অনুপমৰ ৰচনা আৰু পৰিচালনাৰে 'ASMR' নাটকে (ASMR drama by Hiya Anupam)৷ উল্লেখ্য যে, হিয়া অনুপম প্ৰসিদ্ধ নাট্যকাৰ অনুপ হাজৰিকা আৰু অভিনেত্ৰী পাকিজা বেগমৰ কন্যা (Assamese actress Pakeeza Begum)৷