গুৱাহাটী, ১০ আগষ্ট: আৰ্থিক দৈন্যতাই কাল অমানিশা মাতি আনিলে এগৰাকী শিল্পীৰ জীৱনলৈ । এসময়ত কৌতুক অভিনয়ৰে বিভিন্ন মঞ্চত দর্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা গুৱাহাটীৰ মঠঘৰীয়াৰ হৰেশ্বৰ ডেকাই আৰ্থিক অনাটনৰ বাবেই বাচি ল’বলৈ বাধ্য হ’ল আত্মহননৰ দৰে চৰম সিদ্ধান্ত (Assam artist commit suicide) ।
ৰেলৰ আগত জপিয়াই জীৱনৰ মায়া এৰি আজান মুলুকলৈ গুচি গ’ল অভিনেতা হৰেশ্বৰ ডেকা (Comedy actor Hareswar Deka)। বুধবাৰে পুৱাৰ ভাগত এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হোৱাৰ পাচত স্বাভাৱিকতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । জানিব পৰা মতে মঠঘৰীয়া বড়ো চকৰ বাসিন্দা শিল্পী হৰেশ্বৰ ডেকাই আজি পুৱা প্ৰায় ৮ মান বজাত নুনমাটিত কিবা কাম থকা বুলি কৈ নিজ ঘৰৰ পৰা ওলাই আহিছিল । কিন্তু ৰেল লাইনৰে গৈ থকাৰ সময়তে হঠাৎ একাংশ লোকৰ চকুৰ সন্মুখতে কোনো লোকে তলকিব নোৱাৰাকেই কলংপাৰ নামৰ চলন্ত ৰেইলখনৰ সন্মুখত জপিয়াই দিয়ে লোকজনে ।
আৰ্থিক অনাতনত জুৰুলা হৈ কৌতুক অভিনেতাৰ আত্মহনন ফলত থিতাতে মৃত্যু হয় লোকজনৰ । পাচত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা নিউ গুৱাহাটী ৰে’ল আৰক্ষীয়ে হৰেশ্বৰ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।
মন কৰিবলগীয়া কথা যে, অসমৰ জনপ্ৰিয় কৌতুক গোষ্ঠী 'তেৰে মেৰে বিছ মে'ৰ(Tere Mere Bich me Assamese comedy group) অন্যতম সদস্য হৰেশ্বৰ ডেকাই অসমৰ বিভিন্ন মঞ্চত কৌতুক অভিনয়ৰে দৰ্শকৰ মাজত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল । কিন্তু ক’ভিডজনিত পৰিস্থিতিৰ বাবে তেওঁ জড়িত হৈ থকা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ পৰাত শিল্পীজনৰো উপাৰ্জনৰ পথ বন্ধ হৈ পৰে । যাৰ বাবে আৰ্থিক অনাতনে জুৰুলা কৰা কৌতুক অভিনেতাজনে এনেদৰে চলন্ত ৰে’লৰ আগত পৰি আত্মহননৰ দৰে পথ বাছি লোৱা বুলি সদৰী কৰিছে স্থানীয় লোকে । শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-কন্যাক এৰি থৈ যায় ।
লগতে পঢ়ক:Facebook Post on ULFA I: আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ