গুৱাহাটী, 28 আগষ্ট :ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসৰ "একেটি বাক্যত গুৰু প্ৰণতি" শীৰ্ষক গ্ৰন্থখন ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসে 29,619 টা শব্দৰে এটা বাক্যত লিখি উলিয়াইছে গ্ৰন্থখন ৷
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত 'একেটি বাক্যত গুৰু প্ৰণতি' শীৰ্ষক গ্ৰন্থখন - গুৰু জয়ন্তী
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসৰ "একেটি বাক্যত গুৰু প্ৰণতি" শীৰ্ষক গ্ৰন্থ ৷ সাহিত্যিক গৰাকীয়ে 29,619 টা শব্দৰে এটা বাক্যত লিখি উলিয়াইছে গ্ৰন্থখন ৷
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল 'একেটি বাক্যত গুৰু প্ৰণতি' নামৰ শীৰ্ষক গ্ৰন্থ
ইণ্ডিয়া বুক ৰেকৰ্ডৰ ফালৰ পৰা শুকুৰবাৰে সাহিত্যিক গৰাকীলৈ প্ৰেৰণ কৰা হয় প্ৰমাণ পত্ৰকে ধৰি উপহাৰৰ টোপোলা । অসমৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, লেখক আদিৰ উপস্থিতিত বিগত বৰ্ষৰ 8 অক্টোবৰত গুৰু জয়ন্তীৰ দিনা দিছপুৰ লাষ্টগেটৰ নামঘৰ প্ৰাংগনত ৰমেন দাসৰ এই গ্ৰন্থখন উন্মোচন কৰা হৈছিল ।
লগতে পঢ়ক : পাঠশালাত জিলা পৰিৱহন বিষয়া হিমাংশু দাসৰ KMCৰ বিৰুদ্ধে অভিযান